Wild buffalo terror : কলিয়াবৰত বনৰীয়া ম’হৰ আতংক
নিউজ ডেস্ক,২৯জুলাই : এইবাৰ জলাঞ্চলত বনৰীয়া ম’হৰ আতংক । কলিয়াবৰত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া ম’হৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ৰাইজ ।
দেওবাৰে বনৰীয়া ম’হৰ আতংকৰ বাবেই পথাৰৰ পৰা গঞাই এৰাল দিয়া গো-ধন আনিবলৈ যাব নোৱৰা অৱস্থা হৈছে । সেয়েহে এই ম’হৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বনকৰ্মী এই স্থানত উপস্থিত হৈ ম’হটো কৰায়ত্ত কৰাৰ বাবে চেষ্টা চলাই আছে(Wild buffalo terror) ।
বন বিভাগৰ লোকে বনৰীয়া ম’হটো খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে । কলিয়াবৰৰ দাঁতি-কাষৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য, বুঢ়াচাপৰি অভয়াৰণ্য, কাৰ্বি পাহাৰৰ বন্যপ্ৰাণীয়ে প্ৰায়েই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰে(Wild buffalo terror) ।
লগতে পঢ়ক : Heartthrob Zubeen Garg stable : ক্ৰমাৎ সুস্থ হৈ উঠিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ