Local, Vocal, Global

Wild Buffalo Terror : কলিয়াবৰৰ জনাঞ্চলত বৃদ্ধি পাইছে বনৰীয়া জন্তুৰ আতংক

নিউজ ডেস্ক,১৭জুলাই : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া জন্তুৰ আতংক ।

কলিয়াবৰৰ জনাঞ্চলত বৃদ্ধি পাইছে বনৰীয়া জন্তুৰ আতংক। বানৰ বাবে লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘুলীত সোমবাৰে নিশাৰে পৰা আশ্ৰয় গ্ৰহণ কৰে পোৱালীসহ এজনী বনৰীয়া ম’হে(Wild Buffalo Terror In Kaliabor) ।

এই ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়া হয় আৰু ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে বন বিভাগক লোক ঘটনাস্থলীত উপস্থিত হয় আৰু নিৰীক্ষণ কৰে ম’হজনীৰ গতি-বিধি ।

ইফালে জনাঞ্চলৰ মাজত বনৰীয়া ম’হে আশ্ৰয় গ্ৰহণ কৰি থকাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । দিনৰ পোহৰতে বনৰীয়া ম’হজনী বৰঘুলীৰ পৰা খেদি পঠিয়াবলৈ বন বিভাগৰ লোকক আহ্বান জনায় স্থানীয় ৰাইজে ।

উল্লেখ্য যে শিলঘাট-কামাখ্যা অঞ্চলত তিনিটাকৈ ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ বিপৰীতে চুলুং আৰু কামাখ্যা গাঁৱত বন্যহস্তীৰ আতংক অব্যাহত আছে(Wild Buffalo Terror)।

লগতে পঢ়ক : Youth from Nagaland rescued at Langvouku waterfall : অৱশেষত উদ্ধৰ লাংৱকু জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ গৈ সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ