Local, Vocal, Global

Wild buffalo terror : বনৰীয়া ম’হৰ আক্ৰমণত আহত দুজকৈ লোক

নিউজ ডেস্ক,৮ এপ্ৰিল : বনৰীয়া ম’হৰ আক্ৰমণত আহত গঞা(wild buffalo terror) ।

কোকৰাঝাৰ জিলাৰ হলদিবাৰী আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত পৃথকে পৃথকে সংঘটিত হৈছে বনৰীয়া ম’হৰ আক্ৰমণৰ ঘটনা ৷

জানিব পৰা মতে, দেওবাৰে বিয়লী প্ৰায় ৪-৩০ বজাত কোকৰাঝাৰ জিলাৰ হলদিবাৰীত বনৰীয়া ম’হ বিচৰণ কৰি আছিল। সেই সময়তে বনৰীয়া ম’হ বিচৰণ প্ৰত্যক্ষ কৰি কিছু সংখ্যক গঞা ৰাইজে ম’হটোক খেদাৰ চেষ্টা চলায় ৷ এনেদৰে বনৰীয়া ম’হটোক খেদিবলৈ যাওতে মেহুং বসুমতাৰী নামৰ লোকজন বনৰীয়া ম’হটোৰ আক্ৰমণ কৰে আৰু বনৰীয়া ম’হ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন(wild buffalo terror in kokrajhar and chirang) ৷

আহত মেহুং বসুমতাৰীক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰ এন বি হাস্পতাললৈ লৈ অনা যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসা বাবে মেহুং বসুমতাৰীক বাহিৰলৈ প্ৰেৰণ কৰা হয় ৷
ইফালে দেওবাৰে দুপৰীয়াৰ ভাগত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত একেটা বনৰীয়া ম’হৰ আক্ৰমণতে চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ছেভেন নাৰ্জাৰী গুৰুতৰভাৱে আহত হয় ৷ ছেভেন নাৰ্জাৰী সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ছেভেন নাৰ্জাৰীৰ অৱস্থাও সংকটজনক ৷

লগতে পঢ়ক : সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান