Wild buffalo attack : বনৰীয়া ম’হৰ আক্রমণত নিহত বনকৰ্মী

নিউজ ডেস্ক,১৫ এপ্ৰিল : ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে বন্যপ্ৰাণীৰ আতংকৰ । নিতৌ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰাণীৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild buffalo attack) ।
পুনৰ বন্যপ্ৰাণীৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ ।
কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত সংঘটিত হৈছে এই অঘটনটো।
কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত বনৰীয়া ম’হৰ আক্রমণত নিহত হয় এগৰাকী বনকৰ্মী আৰু হয় আহত এজন। নিহত বনকৰ্মীগৰাকীৰ নাম অপু মমিন বুলি জানিব পৰা গৈছে ।
ইফালে আহত বনকৰ্মীজনৰ নাম সোনমণি ৰাভা বুলি চিনাক্ত কৰা হৈছে।দুয়োগৰাকী বন বিভাগৰ হাতীৰ মাউত আছিল ।
বৰ্তমান আহত সোনমণি ৰাভাক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।