Scam unveiled :চাকৰি পায়েই স্বামীক এৰিলে পত্নীয়ে!
নিউজ ডেস্ক,১৩ফেব্ৰুৱাৰী : চাকৰি পায়েই স্বামীক এৰিলে পত্নীয়ে!
স্বামী নিবনুৱা কাৰণে পত্নীয়ে এৰিলে স্বামীক(Scam unveiled)।
চাকৰি পোৱাৰ পিছতেই স্বামী হৈ পৰিল নিবনুৱা। ভাল নলগা হল স্বামীক। স্বামীয়ে মাটি বন্ধকত থৈ পত্নীৰ কাৰণে লাখ লাখ টকাৰ ব্যৱস্থা কৰিছিল স্বামীয়ে। মাটি বন্ধকৰ টকাৰে পত্নীৰ চাকৰি কাৰণে দিন ৰাতি একাকাৰ কৰি অৱশেষত পত্নীৰ চাকৰি হৈছিল ৰে’লৱে বিভাগত(Wife leaves husband after getting job)।
চাকৰি পোৱাৰ পাছতেই স্বামী হৈ পৰিল ডিঙিৰ কাইট। নিবনুৱা বুলি এৰি দিলে স্বামীক
নাম মনীষ মীনা । মনীষ মীনাই অবৈধভাৱে ৰে’লৱেত বিভাগত পত্নীৰ চাকৰিৰ কাৰণে মাটি বন্ধকত থৈ ১৫ লাখ টকাৰ ঋণ লৈছিল। ঋণ লোৱা টকাৰে পত্নীৰ চাকৰি সুনিশ্চিত কৰিছিল স্বামী মনীষ মীনাই। পত্নীয়ে ৰেলৱে বিভাগত চাকৰি পোৱাৰ পাছতেই ঘৰখনত আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছিল। সকলোৱে ভাবিছিল অৱেশত ঘৰখনত চৰকাৰী চাকৰিৰ টকাৰ আনন্দৰে জীৱনটো অতিবাহিত কৰিম বুলি। চাকৰি পোৱাৰ কেইমাহমানৰ পাছত পত্নী সপ্না মীনাই মনীষক নিবনুৱা বুলি কৈ সম্পৰ্ক ভাঙি পেলায়। সম্পৰ্ক ভাঙি যোৱাত একপ্ৰকাৰ দিশহাৰা হৈ পৰে স্বামী মনীষ মীনাই। পত্নীয়ে কৰা প্ৰতাৰণা সহ্য কৰিব নোৱাৰি অৱশেষত সকলো কথা,অবৈধভাৱে লোৱা চাকৰিৰ কথা ৰেলৱে ভিজিলেন্স বিভাগ আৰু চিবিআইৰ ওচৰত অভিযোগ দিয়ে। অভিযোগ দিয়াৰ পাছতেই চাকৰিৰ পৰা নিলম্বন কৰা হয় পত্নী সপ্না মীনাক।
এই ঘটনা সন্দৰ্ভত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে। কেনেকৈ অবৈধভাৱে চাকৰি লাভ কৰিছিল। কাৰ সহায়ত এই সমগ্ৰ বিষয়টোক লৈ এতিয়া চলি আছে তদন্ত। আৰু চাঞ্চল্যকৰ ঘটনা হৈছে ৰাজস্থানৰ কৰৌলী জিলাৰ ।
লগতে পঢ়ক :Assam man Goes Missing:কামৰ সন্ধানত অন্ধ প্ৰদেশলৈ গৈ সন্ধানহীন অসমৰ লোক