Local, Vocal, Global

Sensational Incident : পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম ?

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেমে কাল হ’ল স্বামীৰ বাবে। পৰকীয়া প্ৰেমৰ বাবে পত্নীয়ে হত্য়া কৰিলে স্বামীক । এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশত । (Sensational Incident) ।

উত্তৰ প্ৰদেশৰ গডৱাৰ থানা এলেকাৰ অন্তৰ্গত চিকাৰিয়া খুৰ্ডত ৫সন্তানৰ মাতৃয়ে হত্য়া কৰিলে স্বামীক(Wife kills husband in collaboration with her lover) ।

ঘটনা অনুসৰি , পাঁচ সন্তানৰ মাতৃয়ে পৰিছিল পৰকীয়া প্ৰেমত । মহিগৰাকীৰ স্বামীয়ে নিজৰ সামৰ্থ অনুসৰি পৰিয়ালটোক পোহপাল দি আছিল যদিও পত্নী সন্তুষ্ট হোৱা নাছিল স্বামীৰ ওপৰত। স্বামী থকাৰ পাছতো আন এজন যুৱকৰ সৈতে প্ৰেমত পৰিল পত্নী। প্ৰেমত মহিলাগৰাকীয়ে এখন ৰঙীন পৃথিৱীৰ সপোন দেখিছিল । এই কথা স্বামী গম পাই পত্নীক বাধা প্ৰদান কৰিছিল যদিও মহিলাগৰাকীৰ স্বামীৰ কথা শুনা নাছিল।অৱশেষত স্বামীৰ মহিলাগৰাকীৰ প্ৰেমত বাধা হিচাপে থিয় দিয়ে ।যাৰ বাবে পত্নীয়ে স্বামীক হত্যাৰ ক্ষড়ষন্ত্ৰ কৰে ।

ক্ষড়ষন্ত্ৰ অনুসৰি প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে স্বামীক হত্যা কৰে।

প্ৰেমৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ৫ সন্তানৰ মাতৃয়ে । পিতৃহাৰা হ’ল ৫ সন্তান। প্ৰেমৰ ৰাগীত মাতাল হৈ এগৰাকীয়ে মাতৃয়ে নিজ সন্তানৰ মোহ-মায়া পাহৰিল। প্ৰেমত মাতৃ সম্পূৰ্ণভাৱে যেন অন্ধ হৈ পৰিল। ইয়াৰ পিছতেই ৫ সন্তানৰ জীৱনলৈ অন্ধকাৰ নামি আহিল। এতিয়া ভয় আৰু ভোকত ৫ সন্তানে কান্দি-কান্দি প্ৰতি নিশা পাৰ কৰিছে। অৱশ্যে, বৰ্তমান আৰক্ষীয়ে শিশুকেইটাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছে।

প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে। মাতৃ মমতাৰ মূৰ্ত প্ৰতীক। কিন্তু সেয় মমতাময়ী মাতৃ যেতিয়া পাশৱিক হয় ! সেই মমতাময়ী মাকৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয়,মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা।

লগতে পঢ়ক : Imam killed by slitting throat : মছজিদৰ ইমামক ডিঙি ৰেপি নৃশংসভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তই