Local, Vocal, Global

জয়পুৰৰ উষাপুৰত পতিৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

নিউজ ডেস্ক,১৯ মাৰ্চঃ বৃহস্পতিবাৰে নিশা জয়পুৰ থানাৰ অন্তৰ্গত উষাপুৰ দিহিং কিনাৰ বঙালী ব্লকত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা পাৰিবাৰিক অশান্তিৰ বাবে উষাপুৰৰ দিহিং কিনাৰ বঙালী ব্লকৰ নিৱাসী অৰুন দাস আৰু পত্নী নমিতা দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

তাৰপিছতেই স্বামী অৰুন দাসে এখন দাৰে পত্নীৰ মূৰত ঘপিয়াই,ফলত মহিলা গৰাকী থিতাতে ঢলি পৰে। পিছত অৰুণ দাসে পত্নীক নাহৰকটীয়া দীঘলা পথাৰস্থিত অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও অতিমাত্ৰা ৰক্তক্ষৰণ হোৱাৰ ফলত চিকিৎসালয়তে মৃত্যুক সাৱতি লয়।

নিশা জয়পুৰ আৰক্ষীয়ে হত্যাৰ অভিযোগত অৰুণ দাসক আটক কৰে আৰু মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰে।

জয়পুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১৯/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি অৰুণ দাসক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে নাহৰকটীয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আদালতে অভিযুক্ত গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে। ।