Local, Vocal, Global

সুৰাৰ ৰাগীত মাতাল হৈ হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক, ১৬ জুন : Biswanathৰ Sakumotha tea gardenৰ পাকা লাইনত বুধবাৰে নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

বুধবাৰে নিশা সুৰামত্ত স্বামী প্রদীপ মু্ণ্ডাই সুৰাৰ ৰাগীত মাতাল হৈ হত্যা কৰিলে পত্নী প্রীতি মুণ্ডাক। আৰু বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে ঘৰৰ চৌহদত উদ্ধাৰ কৰে প্রীতি মুণ্ডাৰ মৃতদেহ ।

ঘটনাৰ বিষয়ে জানিব পাৰি পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হৈছে এই হত্যাকাণ্ড। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।