Local, Vocal, Global

মোবাইল প্ৰেম… পত্নী ৰূপালী ঘৰত নাই! হায়ৰাণ স্বামী গণেশ

ধনমনি মেধিৰ ৰিপৰ্ট, মাই নিউজ এনইঃ বকোৰ ১নং মাকেলীৰ গনেশ দাসৰ পত্নী ৰূপালী দাস নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্বামী গনেশ দাসে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।

ইপিনে স্বামীয়ে পত্নীৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ৷ পত্নীয়ে আন যুৱকৰ প্ৰেমত পৰি ঘৰ এৰি যুৱকৰ সৈতে পলাই যোৱাৰ অভিযোগ আনে৷ মোবাইলত প্ৰেম কৰি সুখৰ সংসাৰখন তচ-নচ কৰাৰ অভিযোগ আনে স্বামীয়ে৷

বকো সমষ্টিৰ মাকেলী গাঁৱৰ বাসিন্দা গনেশ দাসে কৰ্মেসূত্ৰে পত্নীৰ সৈতে গুৱাহাটীৰ ফটাশিলৰ কলনী বজাৰত ভাড়াঘৰ থাকে৷ পত্নী ৰূপালী দাসে ফোনতে প্ৰেম কৰি অবৈধ সম্পৰ্ক গঢ়ি অৰ্জুন কুমাৰ নামৰ বিহাৰী সম্প্ৰদায়ৰ যুৱক এজনৰ সৈতে পলাই যোৱাৰ অভিযোগ স্বামী গণেশৰ।

ৰূপালী দাসে কণমানি জীয়ৰীক লগত লৈ পলাই যোৱা বুলি কয় স্বামীয়ে৷ দিন হাজিৰা কৰি ঘৰ চলোৱা গনেশ দাসে অসহায় হৈ ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে। ১৫ দিন উকলি যোৱাৰ পিছতো ফটাশিল আৰক্ষীয়ে গুৰুত্বসহকাৰে নোলোৱা বুলি কয় গনেশ দাসে৷ গনেশ দাসে পত্নী আৰু জীয়ৰীক উদ্ধাৰৰ দাবী জনাইছে আৰক্ষীক৷