Local, Vocal, Global

wife allegedly kills husband :পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক

নিউজ ডেস্ক,১ডিচেম্বৰ : ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷

হত্যা,হিংসা , ধৰ্ষণে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)। কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে হত্য়া কৰিলে স্বামীক(wife allegedly kills husband) ।

বিহালীত সংঘটিত হৈছে এক ভয়ংকৰ হত্য়াকাণ্ডৰ ঘটনা।শনিবাৰে নিশা বিহালী সমষ্টিৰ শিয়ালমাৰী ৰেলৱে গেইটৰ নিৱাসী অজয় চামাদ (৩৫)ক নিজ পত্নী ফিল’মিনা জ’জ’ৱাৰে (৩০) কুঠাৰেৰে ঘপিয়াই হত্যা কৰে ।
নিজ ঘৰৰ চোতালতে পত্নীয়ে স্বামীক হত্যা কৰাৰ পিছত ঘৰৰ ভিতৰলৈ নি মজিয়াত শুৱাই থৈ নিজে মৃতদেহৰ কাষত বহি ৰয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে হত্যাৰ খবৰ পাই নিশাই মহিলা গৰাকীক আটক কৰাৰ লগতে মৃতদেহ বিহালীৰ মৰ্গলৈ প্ৰেৰণ কৰে । মৃতদেহ আজি বিহালীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব ।

পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ আকংশা কৰা হৈছে।

লগতে পঢ়ক :Tragic Road accident in Barpeta :মেজিক বাহনে মহতিয়াই নিলে দুচকীয়া বাহনক;থিতাতে নিহত হয় বাইক আৰোহী