wife allegedly kills husband : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক
নিউজ ডেস্ক,২৬জুন : ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷
হত্যা,হিংসা , ধৰ্ষণে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)। কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
এইবাৰ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক । দাৰে ঘপিয়াই হত্যা স্বামীক(wife allegedly kills husband) ।
মৰিয়নীত চাঞ্চল্যকৰ হত্যকাণ্ড । মৰিয়নীত পত্নীয়ে শিৰচ্ছেদ কৰিলে স্বামীৰ। দাৰে ঘপিয়াই পত্নীয়ে হত্যা কৰিলে সুজিত ৰবিদাস নামৰ লোকজনক।
মৰিয়নীৰ শিলিখা চাহ বাগিচাৰ ১১নং লাইনত সংঘটিত হৈছে এই নৃশংস ঘটনাটো। জানিব পৰা মতে, পাৰিবাৰিক সংঘাতৰ বাবেই এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয় ।
এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত কৰাৰ পিছতে পত্নী আৰু তেওঁৰ মাতৃয়ে মৰিয়নী থানাত আত্মসমৰ্পণ কৰে। ঘৰুৱা কাজিয়াৰ বাবেই লোকজনক পত্নীয়ে ডিঙি কাটি হত্যা কৰে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু সুজিতৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জেএমচিএইচলৈ প্ৰেৰণ কৰে। এই ঘটনাই বৰ্তমান বাগিচাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।