Local, Vocal, Global

Vinesh Phogat disqualified from 50kg wrestling final for being overweight : ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা

নিউজ ডেস্ক,৭আগষ্ট : পেৰিছ অলিম্পিকত স্বৰ্ণজয়ৰ সপোন সপোনে হৈ ৰল মল্লযোদ্ধা ভিনেশ ফোগাটৰ। পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা বিনেশ ফোগাটক ফাইনেল মেচৰ পূৰ্বে অযোগ্য ঘোষণা(Vinesh Phogat disqualified from 50kg wrestling final for being overweight)।

মঙ্গলবাৰে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত জাপানৰ শক্তিশালী প্ৰতিদ্বন্দি য়ু চুচাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটে আজি নিশা ১১-৪০ বজাত ফাইনেল খেলাৰ কথা আছিল।

কিন্ত ইয়াৰ পূৰ্বেই আহিল এই বেয়া খবৰ। ৫০ কেজি শাখাত স্বৰ্ণ পদকৰ বাবে যুঁজৰ পূৰ্বে ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়।

এই সন্দৰ্ভত ইণ্ডিয়ান অলিম্পিক এছোচিয়েচনে এক বিবৃতিত দুখ প্ৰকাশ কৰি কয়, মহিলা মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শ্ৰেণীৰ পৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে। তাৰোপৰি বিবৃতিটোত কৈছে, গোটেই নিশা দলটোৱে সকলোধৰণৰ প্ৰচেষ্টা চলোৱাৰ পাছতো পুৱা বিনেশ ফোগাটৰ ওজন ৫০ কেজিতকৈ অধিক আছিল। এই সময়ত দলটোৰ ফালৰ পৰা কোনো মন্তব্য দিয়া নহ’ব। ভাৰতীয় দলে সকলোকে বিনেশ ফোগাটৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছে(Vinesh Phogat disqualified from 50kg wrestling final for being overweight)।

ভাৰতীয় অলিম্পিক সংস্থাৰ এই বিবৃতিৰ পূৰ্বে সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিনেশ ফোগাটৰ ওজন ৫০ কেজিতকৈ ১০০ গ্ৰাম অধিক আছিল।সেয়ে তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। ফলত তেওঁ প্ৰতিযোগিতাৰ ফাইনেল খেলিব নোৱাৰিব।

লগতে পঢ়ক : Road Accident in Jamugurihat :তীব্ৰবেগী বাইকৰ খুন্দাত আহত মহিলা