Local, Vocal, Global

Who will Hoist the Republic Day Flag Tomorrow in Assam : কাইলৈ কোনে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

নিউজ ডেস্ক, ২৫জানুৱাৰী : কাইলৈ গণৰাজ্য দিৱস । প্ৰতিবছৰে ২৬ জানুৱাৰীৰ দিনটোত গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় । গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।

ভাৰতৰ সংবিধানখন Constituent Assembly of India-ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়(Who will Hoist the Republic Day Flag Tomorrow in Assam )।

কাইলৈ গণৰাজ্য দিৱস ।গণতন্ত্ৰ দিৱস লৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী । সমগ্ৰ দেশে উদযাপন কৰিব দেশৰ ৭৫ তম গণতন্ত্ৰ দিৱস ৷ দেশৰ প্ৰান্তে প্ৰান্তে চলিছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি। ইয়াৰ সমান্তৰালকৈ অসমতো চলিছে ব্যাপক প্ৰস্তুতি ৷ গণতন্ত্ৰ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰেৰেডৰ অনুশীলন চলিছে ।

ইয়াৰ সমান্তৰালকৈ কাইলৈ কোনো ক’ত উত্তোলন কৰিব পতাকা এই বিষয়ে সদৰি কৰিছে । জানো আহত এইবাৰ কোনো ক’ত পতাকা উত্তোলন কৰিব…

কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই(Republic Day Celebration 2024)।

ডিব্ৰুগড়ত মন্ত্ৰী ৰঞ্জিত দাস, যোৰহাটত অতুল বৰাই।

তেজপুৰত ইউ জি ব্ৰহ্ম, ধুবুৰীত চন্দ্ৰ মোহন পাটোৱাৰী।

শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই।

বঙাইগাঁৱত পতাকা উত্তোলন কৰিব অশোক সিংহলে, ধেমাজিত যোগেন মহন, শিৱসাগৰত সঞ্জয় কিষাণ।

মৰিগাঁৱত পীযূষ হাজৰিকা, মাজুলীত বিমল বৰা আৰু মঙলদৈত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে।

গোলাঘাটত পতাকা উত্তোলন কৰিব জয়ন্তমল্ল বৰুৱাই।

গোৱালপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব নন্দিতা গাৰ্লোছাই।

লগতে পঢ়ক : Rahul Gandhis visit to assam has been criticized by the CM of assam : ৰাহুল গান্ধীয়ে কিয় প্ৰৱেশ নকৰিলে কামাখ্যা, মাধৱ মন্দিৰ, পোৱামক্কা, ভূপেন হাজৰিকাৰ সমাধিত – মুখ্যমন্ত্ৰী