Local, Vocal, Global

বগামাটিত অঘটন নদীত সাতুৰিব গৈ নিখোজ এজন লোক

নিউজ ডেস্ক , ১২ জুন : তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বগামাটিত নদীত সাতুৰিব গৈ নিখোজ এজন লোক । ৭ বন্ধুৰ লগত বনভোজ খাৱলৈ আহিছিল লোক জনে। বনভোজ খাব গৈ গা ধুবলৈ যাওঁতে বৰনদীৰ কোবাল সোতে উটুৱাই লৈ গ’ল লোকজনক।

নিৰুদ্দেশ হোৱা ব্যক্তি জন গোৰেশ্বৰৰ মহৰিপাৰাৰ পুখুৰী পাৰ গাঁৱৰ থানেশ্বৰ বড়ো আনহাতে নিৰুদ্দেশ হোৱা ব্যক্তিজন ভাৰতীয় সেনাৰ প্ৰাক্তন জোৱান আছিল।

১১ জুন আবেলি ৪ বজাত ভাত খাই বৰনদীত গা ধুৱলৈ নদী পাৰ হওতে বৰনদীৰ বাঢ়নী পানীয়ে উটুয়াই নিয়ে লোক জনক।

ঘটনা স্থলিত শুৱাগপুৰ আৰক্ষী আৰু SDRF আৰ NDRF লোক উপস্থিত হৈ অভিযান চলাই আছে।