Local, Vocal, Global

WhatsApp Warning: ৱাটছএপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ! নভবা-নিচিন্তাকৈ ক্লিক নকৰিব ৱাটচএপত অহা লিংক

নিউজ ডেস্ক,১৫অক্টোবৰ : ৱাটছএপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ! নভবা-নিচিন্তাকৈ ক্লিক নকৰিব ৱাটচএপত অহা লিংক।
ৱাটচএপত অহা লিংকত ক্লিক কৰি হেৰুৱালে ৪ কোটি টকা

অচিনাকি নম্বৰৰ পৰা ৱাটছএপত অহা লিংকত ক্লিক কৰি সৰ্বস্বান্ত হ’ল এহাল পতি-পত্নী । ৱাটচএপত অহা লিংকত ক্লিক কৰি হেৰুৱালে ৪ কোটি টকা। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পৰামৰ্শৰে এটা লিংক আহিছিল ব্যক্তিগৰাকীৰ ৱাটচএপলৈ। তাতেই ভোল গৈ ব্যক্তিগৰাকীয়ে ক্লিক কৰিছিল লিংকটোত(WhatsApp Warning)।

তাৰ পাছতেই নিমিষতে নোহোৱা হৈ পৰিল সাঁচতীয়া ধনৰাশি। এই ঘটনাৰ পাছতেই আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ব্যক্তিগৰাকী। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এনে চাইবাৰ প্ৰবঞ্চনাই এতিয়া ভীতিগ্ৰস্ত কৰি তুলিছে একাংশ ৱাটছএপ ব্যৱহাৰকাৰীক। জীৱনজোৰা সঞ্চয় হেৰুৱাই

সৰ্বস্বান্ত হৈ পৰিছে হাৰিয়ানাৰ ব্ৰিগেডিয়াৰ মহেন্দ্ৰ সিং।মহেন্দ্ৰ সিংৰ এজাহাৰাৰ ভিত্তিত আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এটা ডাঙৰ ইণ্চাৰনেচনেল ৰেকেট। এই ৰেকেটৰ মাষ্টাৰমাইণ্ডসকলে আমেৰিকা,লণ্ডনৰ পৰা চলাই আছে এই ৰেকেট ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য।

প্ৰথমে প্ৰবঞ্চকসকলে সীমান্তৱৰ্তী গাঁওসমূহৰ বাসিন্দাসকলৰ একাউণ্ট ‘ভাড়া’লৈ লৈছিল। ইয়াৰ বাবে প্ৰতি ১ লাখ টকাত ৪০০০ৰ পৰা ১০,০০০ টকাৰ কমিছন পৰিশোধ কৰা হব বুলি লোভ দেখুৱাই। তাৰপাছতেই ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহৰ বাসিন্দাসকলৰ একাউণ্টলৈ প্ৰবঞ্চনামূলক ধন প্ৰেৰণ কৰে। আৰু ইয়াৰ বিনিময়ত একাউণ্টৰ মালিকক দিয়া হয় কমিচন। এইয়া হৈছে প্ৰবঞ্চকসকলৰ প্ৰথম কাম।

ইয়াৰ সমান্তৰাল কৈ ৱাটছএপে ৱাটছএপে প্ৰেৰণ কৰে লিংক। যদি কোনোবাই লিংকটো ক্লিক কৰে লগা লগা একাউন্ট হৈ পৰে খালী। মনপ্ৰীত সিং আৰু কৰ্ণেল সিং নামৰ দুজন লোকক এতিয়ালৈকে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

সেয়েহে আমি এই প্ৰতিবেদনৰ জড়িয়তে আপোনাৰ অজ্ঞাত নম্বৰৰ পৰা লাভ কৰা মেছেজ বা কলবোৰ সম্পূৰ্ণৰূপে বিশ্বাস কৰাৰ পূৰ্বে দহবাৰ চিন্তা কৰিব। ইয়াৰ উপৰিও যদিহে কোনোবাই আপোনাৰ একাউন্ট ভাড়া লোৱাৰ কথা কয় লগা লগ আৰক্ষীৰ খবৰ কৰিব।সুত্ৰ অনুসৰি অসমতো এনে প্ৰৱঞ্চকৰ দল আছে বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক :Omar Abdullah to take oath as J&K CM on October 16 : ১৬ অক্টোবৰত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব এনচিৰ উপ-সভাপতি ওমৰ আব্দুল্লাই