কি হৈছে দক্ষিণৰ তাৰকা অভিনেত্ৰী সামান্থাৰ? ক’লে বিৰল ৰোগত আক্ৰান্ত হোৱাৰ কথা…
ডিজিটেল ডেস্কঃ দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা ৰুথ প্ৰভূ এক বিৰল ৰোগত আক্ৰান্ত হৈছে।
হাস্পতালৰ বিচনাত চিকিৎসা গ্ৰহণ কৰি থকা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নিজৰ এই ৰোগৰ বিষয়ে অনুৰাগী সকলক জানিবলৈ দিছে সুন্দৰী অভিনেত্ৰীগৰাকীয়ে।
শনিবাৰে সামাজিক মাধ্যমত তেওঁ নিজৰ ৰোগৰ কথা উল্লেখ কৰাৰ লগতে অলপতে মুক্তি লাভ কৰা তেওঁৰ নতুন ছবি ‘যশোদা’ৰ ট্ৰেইলাৰক সকলোৱে আদৰি লোৱাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।
সামান্থাই প্ৰকাশ কৰা মতে, তেওঁ আক্ৰান্ত হোৱা ৰোগটোৰ নাম হৈছে মায়োচাইটিছ।
এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীয়ে ভাল আৰু শক্তিশালী কোষবোৰক শত্ৰু হিচাপে ধৰি লৈ আক্ৰমণ কৰে।
যাৰ ফলত ভাগৰ লগা, পেশীত যথেষ্ট বিষ হোৱা আদি সমস্যাত ভুগিবলগীয়া হৈছে অভিনেত্ৰী সামান্থা।
বৰ্তমান তেওঁ প্ৰতিটো দিন যন্ত্ৰণাদায়ক হৈ পৰা বুলিও কয় দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে।
অৱশ্যে চিকিৎসকে তেওঁক সুস্থ হোৱাৰ আশ্বাস প্ৰদান কৰা বুলিও অনুৰাগীসকলক জনায় সুন্দৰী অভিনেত্ৰীগৰাকীয়ে।
অন্যহাতে ৰোগাক্ৰান্ত অৱস্থাতে তেওঁ ‘যশোদা’ ছবিখনৰ বাবে ডাবিং কৰিছিল বুলিও অনুৰাগীসকলক জানিবলৈ দিয়ে।
‘ফেমিলী মেন’ ৱেব চিৰিজৰ বাবে সমগ্ৰ ভাৰততে বিপুল জনপ্ৰিয়তা অৰ্জন কৰা মোহময়ী অভিনেত্ৰীগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি তেওঁৰ আৰোগ্য কামনা কৰিছে অনুৰাগীসকলে।