Local, Vocal, Global

এবছৰ সম্পূৰ্ণ কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বৰ্ষপুৰ্তিকলৈ জনতাৰ মতামত কি?

নিউজ ডেস্ক, ১০ মে’-এটা বছৰ সম্পূৰ্ণ কৰা হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান।

এই বিশেষ অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
যিহেতু দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। সোমবাৰে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে জিএমচিএইচত নৱনিৰ্মিত ছুপাৰস্পেচিয়েলিটী হাস্পতাল আৰু আমিনগাঁৱত লোকপিয়ৰ সঞ্চালকালয় কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে।

বিগত এটা বছৰত বিজেপি চৰকাৰৰ কাম–কাজক লৈ ভিন ভিন প্ৰতিক্ৰিয়া দেখা গৈছে জনসাধাৰনৰ মাজত। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা, জলজীৱন মিছন, অৰুণোদয় আদিকে ধৰি বহু আঁচনিৰে ৰাইজৰ সমস্যা দূৰ কৰাৰ চেষ্টা চলোৱা চৰকাৰখনক লৈ সুখী একাংশ জনতা।। ড্ৰাগছৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপকো আদৰণি জনতাৰ।

কিন্তু তাৰ বিপৰীতে মূল্যবৃদ্ধিক লৈ একপ্ৰকাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সাধাৰণ জনতাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকলৈ একপ্ৰকাৰৰ ক্ষুব্ধ হৈ পৰিছে জনতা। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে এইপৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

নিৰ্বাচনৰ সময়ত দিয়া বহু প্ৰতিশ্ৰুতি পূৰণ কৰিছে যদিও এটা বছৰত ১ লাখ চাকৰিকে ধৰি আন কেতবোৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ কৰিব পৰা নাই চৰকাৰখনে। এতিয়ালৈ ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই যদিও শীঘ্ৰে পূৰণ হ’ব বুলি আশা কৰা হৈছে।

ইফালে, ২০২২ চনৰ ৩১মাৰ্চলৈ ১,০৮,৩৪৭.২৭ কোটি টকাৰ ধাৰত পোত গৈ আছে বৰ্তমানৰ চৰকাৰখন। এটা বছৰতে ১৫,২৭১.২৭কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এইদৰেই মিত্ৰজোঁটৰ চৰকাৰখনে আজি সম্পূৰ্ণ কৰিলে এটা বছৰ। আগন্তুক দিনত চৰকাৰৰ পৰা আৰু বহু উন্নয়ন আশা কৰিছে জনসাধাৰণে।