Local, Vocal, Global

চেমখৰৰ শ্বুটিঙত কি হৈছিল? কেনেকৈ মৃত্যু হ’ল ৩ মহীয়া ক্লেৰিঙৰ!

নিউজ ডেস্ক : আইমী বৰুৱা অভিনীত তথা পৰিচালিত এখন চলচিত্ৰ হৈছে চেমখৰ। মূলত: ডিমাচা জনজাতিৰ ওপৰত নিৰ্মিত হৈছিল চেমখৰ।

চলচিত্ৰখনৰ মাজত আৰু শেষৰ ফালে দেখা গৈছিল এটি কনমানি। কনমানিটি মাত্ৰ ৩ মহীয়া আছিল। কিন্তু শ্বুটিঙৰ ৫ দিনৰ পাছতেই মৃত্যু হৈছিল কনমানিটিৰ।

ডিমা হাচাও জিলাৰ অন্তৰ্গত ডিউম্বৰাৰ বাসিন্দা কনমানিটিৰ পিতৃ-মাতৃয়ে জনোৱা অনুসৰি নদীৰ পাৰত হৈছিল শ্বুটিং। শ্বুটিংৰ দিনা বৰষুণৰ বাবে বতৰ সেমেকা আছিল। ঠাণ্ডাৰ সময়তো কনমানিটিক কেৱল এখন গামোচাৰে মেৰিয়াই কৰিছিল শ্বুটিং।

শ্বুটিঙৰ পাছদিনা জ্বৰ হোৱাত কনমানিটিক পিতৃ-মাতৃয়ে হাস্পাতাললৈ লৈ গৈছিল। ডাক্তৰে কৈছিল ঠাণ্ডা সোমোৱাৰ বাবে কফ হৈছিল কনমানিটিৰ।

কিন্তু, শ্বুটিঙৰ ৫ দিনৰ পাছতে গুচি গ’ল কনমানিটি। খবৰ ল’বলৈ নগ’ল এজনো ব্যক্তি।

আনকি কোনো ইনচুৰেঞ্চো কৰা নাছিল ক্লেৰিঙৰ। শ্বুটিং কৰিলে, চিনেমাতো ওলালে কিন্তু শ্বুটিংৰ পাছত কোনেও খবৰ নল’লে কনমানিটিৰ। আনকি পৰিচালিকা তথা অভিনেত্ৰী আইমী বৰুৱাই কোনো এটা ইন্টাৰভিউত এবাৰো নক’লে যে কনমানিজনি আৰু নাবাচিল।

২০২০ চনত কৰোণাৰ সময়ত গুৱাহাটীৰ পৰা যোৱা সকলোকে কোৱাৰেন্টাইন কৰা হৈছিল তেনেস্থলত কেনেকৈ চেমখৰৰ শ্বুটিং কৰিবলৈ পালে বুলি সম্প্ৰতি সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন হৈছে!

মৃত্যুৰ সময়ত তিনিমাহ হ’বলৈ তেতিয়াও দুদিন বাকিয়ে আছিল। পিতৃ-মাতৃৰ ওচৰত সমবেদনা দিবলৈও নগ’ল কনমানিটিক চেমখৰত শ্বুটিং কৰিবলৈ বিচাৰি যোৱা কোনো এজন ব্যক্তি।

বৰ্তমান সামাজিক মাধ্যমত কনমানিটিৰ বিষয়ে ভাইৰেল হৈ পৰাৰ লগে লগে বহুজনে বিভিন্ন ধৰণে মত প্ৰকাশ কৰিছে। নাম আৰু পৰিচয়ৰ বাবে একাংশ লোকে মানৱতাকো গণ্য কৰা নাই বুলি মত প্ৰকাশ কৰিছে। কনমানিটিৰ বাবে পৰিচালিকাই কোনো পদক্ষেপ নোলোৱাৰ বাবে কিছুলোকে কৈছে যে কেৱল নিজৰ সন্তানেইতো সকলো নহয় সকলোৰে সন্তানক সমান ভাবিব পাৰিব লাগে।