Local, Vocal, Global

What does Bipin Chawdang say about Rajib Shadia? : কি কলে ৰাজীৱ শদিয়াক লৈ বিপিন চাউদাঙে ?

২৬ জানুৱাৰী ২০২৫,ৱেব ডেস্ক : ৰাজীৱ শদিয়াক লৈ ডাঙৰ মন্তব্য কণ্ঠশিল্পী বিপিন চাউদাঙ।বাক্সা জিলাৰ সূৱণখাটাত অনুষ্ঠিত ভাৰত-ভূটান বন্ধুত্ব মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিপিন চাউদাঙে।বিপিন চাউদাঙে কয়, ‘‘জীৱিত কালত শিল্পীক সন্মান দিব নাজানিলে ৰাজীৱ শদিয়াক লৈ আজি ওফাইদাং মৰাসকলে,মৃত্যুৰ পূৰ্ৱে ৰাজীৱ শদিয়াৰ গানবোৰ ৰাইজে বিশেষ আদৰি নল’লে। ৰাজীৱ শদিয়াৰ গানবোৰ ৰাইজে আদৰি ল’লে বহুল প্ৰচাৰ হ’লহেঁতেন।’’ – ক’লে বিপিন চাউদাঙে।তেওঁ কয়, প্ৰতিবাদী গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু অসমৰ বাবে বৃহত ক্ষতি।জিলাৰ সূৱণখাটাত অনুষ্ঠিত ভাৰত-ভূটান বন্ধুত্ব মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিপিন চাউদাঙে।