পাৰভেজ মুছাৰফে কি কৰিছিল ভাৰতৰ?

ডিজিটেল ডেস্কঃ পাৰভেজ মুছাৰফৰ প্ৰশংসাত পঞ্চমুখ শশী থাৰুৰ সমালোচনা বিজেপিৰ। কাৰগিল যুদ্ধৰ সৃষ্টি কৰ্তা তথা পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যুক লৈ শশী থাৰুৰৰ টুইটক লৈ বিতৰ্কৰ সৃষ্টি হৈছে দেশত। এক টুইটাৰ বাৰ্তা যোগে কংগ্ৰেছ সাংসদে প্ৰশংসা কৰিছে মুশ্বাৰফক। শশীৰ টুইটক সমালোচনা কৰি বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেশত শাসকীয় দল বিজেপি আৰু মুশ্বাৰফৰ কঠোৰ সমৰ্থক কংগ্ৰেছ।
দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত দেওবাৰে ডুবাইত মৃত্যু হয় পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কংগ্ৰেছ নেতা শশী থাৰুৰে লিখিছে, “পাকিস্তানৰ প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ এটা বিৰল ৰোগত আক্ৰান্ত আছিল। তেওঁ এসময়ত ভাৰতৰ অন্যতম শত্ৰু আছিল। মই প্ৰায় প্ৰতি বছৰে তেওঁক লগ পাইছিলোঁ। ২০০২ চনৰ পৰা ২০০৭ চনলৈকে শান্তিৰ বাবে তেওঁ চেষ্টা কৰিছিল। তেওঁৰ চিন্তাধাৰা স্পষ্ট আৰু কৌশলগত।”
তাৰ পিছত বিজেপিয়ে থাৰুৰ আৰু কংগ্ৰেছৰ তুলনা কৰে।
বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই এটা টুইটযোগে থাৰুৰক সমালোচনা কৰি লিখিছে, “মুশ্বাৰফ আছিল কাৰ্গিল যুদ্ধৰ কাৰক আৰু স্বৈৰাচাৰী শাসক। একাধিক জঘন্য অপৰাধৰ সৈতে জড়িত। ওছামা বিন লাডেনৰ দৰে সন্ত্ৰাসবাদীক প্ৰশংসা কৰিছিল। আনকি কাৰ্গিল যুদ্ধৰ পিছত পাক জোৱানৰ মৃতদেহ ঘূৰাই ল’বলৈও অস্বীকাৰ কৰিছিল।”
পুনৱালাই লগতে দাবী কৰে যে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাহুল গান্ধীক নেতা হিচাপে প্ৰশংসা কৰিছিল। আৰু তাৰ স্বীকৃতি স্বৰূপে বিজেপিৰ মুখপাত্ৰই কংগ্ৰেছৰ নেতাসকলক মুশ্বাৰফত চেলুট দিয়া বুলি ঠাট্টা-মস্কৰা কৰে।
উল্লেখ্য যে, ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে এক সাক্ষাৎকাৰত পাৰভেজ মুশ্বাৰফে ৰাহুল গান্ধীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছিল। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দাবী কৰে যে মোডী থাকিলে ভাৰত-পাক সম্পৰ্ক উন্নত নহ’ব। ৰাহুলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকো প্ৰশংসা কৰে মুশ্বাৰফে। কিন্তু এই সন্দৰ্ভত কংগ্ৰেছৰ কোনো সঁহাৰি পোৱা নগ’ল।
অৱশ্যে থাৰুৰৰ মুশ্বাৰফ বন্দনাই কংগ্ৰেছক ক্ষতিগ্রস্ত কৰিব বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে অনুভৱ কৰে। কাৰণ, চলিত বৰ্ষত কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন। অহা বছৰ লোকসভাৰ নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে পাক লাভ জাৰি কৰিব সেয়া নিশ্চিত। দলটোৰ এটা অংশই আশংকা কৰিছে যে ইয়াৰ প্ৰভাৱ কংগ্ৰেছৰ ভোট বেংকত আঘাত দিয়াৰ দৰে হ’ব পাৰে।