Bad breath : জানে আহক ঘৰুৱা উপাদানেৰে কেনেকৈ মুখৰ দুৰ্গন্ধৰ পৰা আঁতৰত থাকিব
আপোনাৰ মুখ গোন্ধাই নেকি?মুখৰ গোন্ধৰ বাবে আপুনি বন্ধু মহলৰ লগত কথা পাতে অস্বস্তিত পৰিছে নেকি?যদিহে আপোনাৰ সন্মুখত থকা লোকজন আপোনাৰ কথাত অশান্তিত পৰিছে তেন্তে এইটো এটা আপোনাৰ বাবে অসহ্যকৰ সময় ।
মুখৰ গোন্ধ বিভিন্ন কাৰণৰ উলাব পাৰে যেনে- খোৱাৰ পাছত মুখ ভালদৰে পৰিস্কাৰ নকৰিলে(Bad breath )। দাঁত পোক খালে আৰু পাচন ক্ৰিয়াত বিসংগতি থাকিলে।মুখৰ দুৰ্গন্ধই আপোনাক শাৰীৰিক একো ক্ষতি নকৰে কিন্তু ব্যক্তিগতভাৱে আনৰ সন্মুখত আপোনাৰ এটা বেয়া ধাৰণা হ’ব পাৰে।
মুখৰ পৰা বেয়া গোন্ধ ওলোৱাটো এটি অস্বস্তিকৰ স্বাস্থ্য সমস্যা। চিকিৎসাশাস্ত্ৰৰ ভাষাত ইয়াক হেলিট’ছিছ বোলে। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ লোকেই কম-বেছি পৰিমাণে মুখৰ গোন্ধৰ সমস্যাত ভোগে।
মুখৰ দুৰ্গন্ধৰ ৯০ শতাংশৰ ক্ষেত্ৰতে মুখগহ্বৰৰ জড়িত কাৰণ থকা দেখা যায়। জিভাৰ গুৰিৰ ফালৰ ওপৰ অংশ আৰু তাৰ আশে-পাশে থকা বেক্টেৰিয়াৰ দ্বাৰা দুৰ্গন্ধ সৃষ্টিকাৰী জৈৱিক আৱৰণ সৃষ্টি মুখৰ বেয়া গোন্ধ ওলোৱাৰ এটি মূল কাৰণ।
দাঁতৰ ফাঁকত ৰৈ যোৱা খাদ্যাংশ, পূজ, অপৰিষ্কাৰ কৃত্ৰিম দাঁত আদিয়ে ইয়াত অৰিহণা যোগায়। দুৰ্গন্ধৰ তীব্ৰতা দিনটোৰ সময়ভেদে কম-বেছি হ’ব পাৰে। খোৱা খাদ্যৰ ওপৰতো ই বহুলাংশে নিৰ্ভৰ কৰে-পিঁয়াজ, নহৰু, মাছ, মাংস, কণী, পনীৰ জাতীয় খাদ্য গ্ৰহণৰ পিছত দুৰ্গন্ধ বেছি হোৱাৰ সম্ভাৱনা থাকে। উচ্চ মাত্ৰাৰ প্ৰ’টিন আৰু কম শ্বেতসাৰযুক্ত খাদ্য নিয়মীয়াকৈ বা সঘনাই খালে কিটোছিছ নামৰ পৰিপাকজনিত অৱস্থা অটিৰ উদ্ভৱ হ’ব পাৰে-য’ত শৰ্কৰাৰ সলনি চৰ্বিৰ দহন বেছিকৈ হয়। তেনে অৱস্থাত মুখৰ পৰা বেয়া গোন্ধ ওলায়। সেয়েহে মুখৰ গোন্ধাৰ সমস্যাৰ পৰা আপুনি দূৰত থাকিবলৈ চেষ্টা কৰক ।
জানে আহক ঘৰুৱা উপাদানেৰে কেনেকৈ আপুনি নিজকে মুখৰ দুৰ্গন্ধৰ পৰা আঁতৰত থাকিব(What Causes Bad Breath? )।
ৰাতি খাদ্য খোৱাৰ পাছত দাঁত ব্ৰাছ কৰাটো অতি প্ৰয়োজনীয়।সঘনে জিভা পৰিস্কাৰ কৰি ৰাখিব।ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত মুখ পৰিস্কাৰ কৰাটো অত্যন্ত জৰুৰী।
মুখত গুৱামুৰি চোবালে মুখৰ দুৰ্গন্ধও দূৰ হয়। ইয়াক দিনত কেইবাবাৰ মুখৰোচক হিচাপে ব্যৱহাৰ কৰক। বিশেষকৈ খাদ্য খোৱাৰ পিছত। দুৰ্গন্ধৰ পৰা মুক্তি পাব।
মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আপুনি শুকান ধনিয়াক মুখৰোচক হিচাপে ব্যৱহাৰ কৰিব পাৰে। আধা চামুচ শুকান ধনিয়া লৈ চফগুটিৰ দৰেই চোবাই থাকিব। এনেদৰে দিনত দুবাৰ কৰিলেই মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পাব।
মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আপুনি ডালিমৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে। ডালিমৰ ৰঙা বাকলি পানীত বইল কৰি অলপ গৰম থকা অৱস্থাতে পানীখিনিৰে গাৰগল কৰক।
মধুৰিয়াআমৰ পাত চোবালে মুখৰ দুৰ্গন্ধও উপশম হয়। মধুৰিয়ামৰ পাত পানীত উতলাই সেই পানীৰ মুখ গাৰগল কৰিলে আপোনাৰ মুখৰ দুৰ্গন্ধ আঁতৰ হ’ব।
লঙে দাঁতৰ বিষৰ পৰা যে সকাহ দিয়ে এই বিষয়ত সকলো অৱগত, কিন্তু ই মুখৰ দুৰ্গন্ধও দূৰ কৰে। লং চোবালে দুৰ্গন্ধৰ পৰা সকাহ পোৱাৰ ।
মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ নিমখ আৰু সৰিয়হৰ তেলেৰে মালিচ কৰক। আধা চামুচ নিমখ লওক আৰু দুইৰ পৰা তিনি টোপাল সৰিয়হৰ তেল যোগ দি আঙুলিৰে দাঁত আৰু গুৰিত মালিচ কৰক। একেৰাহে কেইদিনমানৰ বাবে এনে কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হ’ব।
লগতে পঢ়ক :Pineapple benefits : গ্ৰীষ্মকালত আনাৰস খোৱাটো আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী ?