Local, Vocal, Global

International Panic Day 2023 : Panic Diseaseৰ পৰা পৰিত্ৰাণ পোৱাৰ সৰ্বোত্তম উপায়সমূহ কি জানেনে ?

নিউজ ডেস্ক, ১৮জুন : মানসিক চাপ বা শৰীৰক শংকা ৰোগ অৰ্থাৎ Panic Diseases ৰ পৰা পৰিত্ৰাণ পোৱাৰ সৰ্বোত্তম উপায় হৈছে শৰীৰ চৰ্চা ৷ বিশ্বৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ আমাৰ দেশতো বহুলোক Panic Diseaseত আক্ৰান্ত হৈ আহিছে ৷ এই ৰোগ অৰ্থাৎ Panic Disease ৰ পৰা পৰিত্ৰাণ পাবলৈ জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে ১৮ জুন তাৰিখে International Panic Day পালন কৰা হয় । আজিৰ প্ৰভাতী বাৰ্তাত জানো আহকচোন, Panic Disease কি আৰু এই ৰোগৰ প্ৰতিকাৰৰ উপায়সমূহ ।

এজন মানুহৰ মানসিক চাপ বা মানসিক অশান্তিয়ে ব্যক্তিগৰাকীৰ মনক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে ৷ এই মানসিক চাপ বা অশান্তিয়ে কোনো এজন ব্যক্তিক তেখেতৰ মনে পোনপটিয়াকৈ ভবা বা চিন্তা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ৷ কেতিয়াবা এই মানসিক অশান্তিয়ে এক ৰোগৰো ৰূপ ল’ব পাৰে ৷ সেয়ে এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ লগতে প্ৰয়োজনীয় বিশ্ৰাম আৰু নিজকে চাপমুক্ত কৰি ৰখাৰ উপৰিও এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৮ জুন তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক শংকা দিৱস অৰ্থাৎ International Panic Day ।

যেতিয়া কোনো এজন ব্যক্তিৰ মনত ভয় অথবা শংকাৰ উদ্বেগ হয়, তেতিয়াই বিভিন্ন শংকাই শৰীৰত বাহৰ পাতে ৷ যাক এক প্ৰকাৰে শংকা ৰোগৰ দ্বাৰা আক্ৰান্ত অৰ্থাৎ Panic attack হোৱা বুলি ক’ব পাৰি ৷ ইয়াৰ ফলত এজন ব্যক্তিয়ে অসহায় অনুভৱ কৰাৰ লগতে আৰু অন্যান্য শাৰীৰিক লক্ষণ যেনে হৃদস্পন্দনৰ হাৰ দ্ৰুত হোৱা, উশাহ লোৱাত কিছু সমস্যাৰ সৃষ্টি হোৱা, অত্যাধিক ঘাম ওলোৱা ইত্যাদি কাৰকে শৰীৰত দেখা দিব পাৰে ৷ উল্লেখ্য যে, যেতিয়া Panic attackৰ পুনৰাবৃত্তি হয়, তেতিয়া এজন ব্যক্তি Panic Disorderৰ চিকাৰ হ’ব পাৰে ।

Panic attackৰ লক্ষণসমূহ হৈছে-
হৃদস্পন্দনৰ হাৰ বৃদ্ধি বা অনিয়মীয়া হৃদস্পন্দন, শৰীৰৰ পৰা অতিমাত্ৰাত ঘাম বাহিৰ হোৱা, বুকুৰ বিষ আৰু অস্বস্তিত ভোগা, বিনা কাৰণত শৰীৰত কঁপনিৰ অনুভূত হোৱা, শৰীৰত ঠাণ্ডা অনুভূত কৰা, বমিৰ অনুভূত হোৱা আৰু পেটৰ সমস্যাত ভোগা, শাৰীৰিক দুৰ্বলতা অনুভৱ হোৱাৰ লগতে মূৰ ঘূৰোৱা আদি সমূহ হৈছে Panic attackৰ বিশেষ লক্ষণ । তাৰোপৰি উশাহ-নিশাহত সমস্যা সৃষ্টি হোৱা, শৰীৰত জঠৰতা আৰু জিনজিননিৰ অনুভৱ হোৱা, মৃত্যুৰ শংকাত ত্ৰস্তমান হোৱা, বাস্তৱতাৰ পৰা বিচ্ছিন্ন অনুভৱ কৰা আৰু শ্বাসৰুদ্ধ হৈ পৰা হৈছে Panic attackৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষণ ।

এতিয়া জানো আহক Panic attack প্ৰতিকাৰৰ উপায়সমূহ-

আপোনাৰ দৈনিক দিনপঞ্জীখনত শৰীৰ চৰ্চাৰ বিষয়টো অন্তৰ্ভুক্ত কৰক ৷ ই কেৱল চাপ আৰু উদ্বেগ হ্ৰাস কৰাই নহয়, শৰীৰটোক শিথিল কৰাৰ লগতে Panic attackৰ পৰাও ৰক্ষা কৰিব ৷

যদি সঘনে মনত ভয় বা শংকাৰ অনুভূত হয়, তেনেহলে শ্বাস-প্ৰশ্বাসৰ নিয়মিত অভ্যাস কৰাটো অতি প্ৰয়োজন ৷

প্ৰাণায়মৰ এই অনুশীলনে শৰীৰক Panic attack ৰ পৰা ৰক্ষা কৰিব পাৰে ।

তাৰোপৰি পৰ্যাপ্ত পৰিমাণে সুষম আহাৰ গ্ৰহণ কৰিব লাগে ৷ সুৰা, ধপাত, পৰিশোধিত চেনী, মন’ছ’ডিয়াম গ্লুটামেট

থকা খাদ্য পৰিহাৰ কৰিলে Panic attack ৰ পৰা বহুখিনি হাত সাৰি থাকিব পাৰি ।

শাৰীৰিক অথবা মানসিক অৱস্থা বা ৰোগ যিয়েই নহওক কিয়, সকলো চিকিৎসকে প্ৰয়োজনীয় টোপনিৰ পৰামৰ্শ প্ৰদান কৰে । পৰ্যাপ্ত টোপনিয়ে মনটোক শান্ত কৰাৰ লগতে মন আৰু শৰীৰ দুয়োকে শিথিল কৰাত সহায়ক হয় ৷ যাৰ ফলত Panic attack হোৱাৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায় ৷

লগতে পঢ়ক : Daily Horoscope for 18th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল