Moong Dal benefits : দৈনিক মগু দালি খালে আপুনি কি কি ৰোগৰ পৰা মুক্তি পাব পাৰিব ?
পাতলীয়া আহাৰ আৰু সহজে হজম হোৱা এবিধ আহাৰ হৈছে মগু দাইল । আমাৰ দেশত যথেষ্ট পৰিমাণে খোৱা খাদ্যৰ ভিতৰত অন্যতম এবিধ হৈছে মগু দাইল (Moong Dal benefits)। মগু দাইল বজাৰত বিভিন্ন ধৰণে উপলব্ধ হয় । গোটা মগু, বাকলি থকা ফলা মগু, বাকলি নথকা হালধীয়া মগু – এই আটাইবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । চিকিৎসক আৰু বিশেষজ্ঞসকলেও ৰোগীয়া লোকৰ আহাৰৰ তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে(What are the benefits of eating Moong Dal daily) ।
জানো আহক, মগু দাইলৰ পৰা লাভ কৰা পুষ্টি আৰু ইয়াৰ অন্যান্য উপকাৰিতাসমূহৰ বিষয়ে —
আমি সকলোৱেই নিশ্চিতভাৱে মগু দাইল সেৱন কৰো । এই দাইল আমাৰ শৰীৰৰ বাবে অতিকে উপকাৰী । ইয়াত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়ামকে আদি কৰি বহুখিনি উপাদান থাকে(benefits of eating Moong Dal daily) । ই শৰীৰৰ পৰা কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ পৰাও আমাক সকাহ দিয়ে ।
অধিকাংশ ৰোগীয়েই গুৰুপাকী অৰ্থাৎ সহজে হজম নোহোৱা আহাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে হজম হোৱাত সুবিধা হোৱাকৈ পাতল আৰু তুলনামূলকভাৱে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাতো পছন্দ কৰে । এই ক্ষেত্ৰত কিছুমান গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পোৱা আৰু শৰীৰৰ ওজনৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায়ক হিচাপে চিহ্নিত হৈ আহিছে এই মগু দাইল ।
মগু দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । মগু দাইলত কেলচিয়াম, পটাছিয়াম আদি উপাদানসমূহ থকাৰ লগতে আঁহজাতীয় আৰু লৌহ জাতীয় পদাৰ্থও নিহিত হৈ থাকে । এই দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও অতিকে সহজ । সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে । নিয়মীয়াকৈ মগু দাইলৰ পানী পান কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু পাচন তন্ত্ৰও সবল কৰি ৰাখে (benefits of eating Moong Dal daily) ।
গুৰুত্বপূৰ্ণ কথা যে, অংকুৰিত হোৱাৰ পিছত মগু দাইলৰ পুষ্টিৰ পৰিমাণ দুগুণ হয় । অংকুৰিত মগুত মেগনেছিয়াম, তাম, ফ’লেট, ৰাইব’ফ্লেভিন, ভিটামিন, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন বি-6, নিয়াচিন, থিয়ামিন আৰু প্ৰ’টিন থাকে । যিহেতু অংকুৰিত মগুত গ্লুকজৰ স্তৰ অতি কম । সেয়ে, এনে মগু মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী । তাৰোপৰি মগুত থকা প্ৰচুৰ পৰিমাণৰ ফাইবাৰে পাচনতন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে ।
এতিয়া জানো আহক মগু দাইলৰ উপকাৰিতাসমূহ(benefits of eating Moong Dal daily) –
মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্লুকজৰ স্তৰ নিয়ন্ত্ৰণ কৰে । মগু দাইল মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী ।
মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে । লগতে কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।
মগু দাইলত এণ্টি-মাইক্ৰ’বায়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
মগু দাইল সেৱনৰ ফলত ৰক্তচাপ স্বাভাৱিক থকাৰ লগতে শৰীৰত ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থকাতো সহায়ক হয় ।
অলিগ’ছেকাৰাইজড হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মগুত ইয়াক পোৱা যায় । ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।
মগুত এ আৰু চি ভিটামিন থাকে আৰু ই আমাৰ ছালৰ বাবে এক্সফলিয়েটৰ হিচাপে কাম কৰে । মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে ।
মগু দাইলক প্ৰাকৃতিক কেলচিয়ামৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰ ব্যৱহাৰে শৰীৰৰ হাড়সমূহ শক্তিশালী কৰৰ লগতে হাড় ভঙাৰ সম্ভাৱনাও হ্ৰাস কৰে । গতিকে যদিহে আপুনি এই অত্যাধিক পুষ্টিকৰ আৰু উপকাৰী খাদ্যবিধ আপোনাৰ খাদ্য তালিকাত ৰখা নাছিল, তেনেহলে এতিয়াৰ পৰা আপুনি ইয়াক দৈনন্দিন আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰক ।
লগতে পঢ়ক : Piles problems : আপুনি পাইলছৰ সমস্যাত ভুগিছে নেকি?এই ঘৰুৱা উপায় প্ৰয়োগ কৰক