Local, Vocal, Global

Watch | West Darrang National School celebrates programme titled “Own Day”: “নিজৰ দিন” শীৰ্ষক অনুষ্ঠান পালন পশ্চিম দৰং জাতীয় বিদ্যালয়ত

ছিপাঝাৰ: কৰ্ম আমাৰ সংষ্কৃতি সুশিক্ষা আমাৰ প্ৰতিশ্ৰুতিৰে অগ্ৰসৰ হোৱা ১৯৯৭ বৰ্ষত স্থাপিত পশ্চিম দৰংজাতীয় বিদ্যালয়ত অসমীয়া জাতীৰ বাপুতিসাহোন ৰঙালী বিহু উপলক্ষে “নিজৰ দিন” শীৰ্ষক অনুষ্ঠান বিগত বৰ্ষৰ দৰে এইবেলিও উদযাপনৰ কৰা হয়।

বহাগ মাহৰ চতুৰ্থ দিনটোত ৰঙালী বিহু উপলক্ষে বিদ্যালয়ৰ পাঠদানৰ আৰম্ভ দিনত ছাত্ৰছাত্ৰী শিক্ষক-কৰ্মচাৰী, অভিভাৱক সকলোৱে সগৌৰৱে ডিঙিত গামোচালৈ বিদ্যালয়ত প্ৰৱেশ কৰি অসমীয়া জাতিৰ স্বাভিমান ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজেৰে “নিজৰ দিন” শীৰ্ষক অনুষ্ঠান পালন কৰে।

পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপেন্দ্ৰ চন্দ্ৰ ডেকাই আঁতধৰা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সহ সচিব বাবুল কলিতা,বিদ্যালয়খনৰ ৰেক্টৰ ৰমেশ ডেকাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অসমীয়া জাতিৰ আয়ুসৰেখা হেপাহৰ ৰঙালী বিহুৰ “নিজৰ দিন” কাৰ্যসুচীত ছাত্ৰছাত্ৰী শিক্ষক কৰ্মচাৰী অভিভাৱক সকলোৱে গামোচা পৰিধানৰে দৃষ্টিনন্দন হৈ পৰা অনুষ্ঠানত সকলোৰে মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভণি হোৱা অনুষ্ঠান সামৰণিৰ অন্তত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী অনুযায়ী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে ডিঙিত গামোচা পৰিধানৰে শ্ৰেণীকোঠাত প্ৰৱশ কৰি পাঠদান কাৰ্যসুচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়।