Local, Vocal, Global

প্ৰচণ্ড শীতৰ কবলত পশ্চিম বংগ

ডিজিটেল ডেস্ক:- প্ৰচণ্ড শীতৰ কবলত পৰিছে, চুবুৰীয়া ৰাজ্য পশ্চিম বংগ। কলকাতা আৰু ইয়াৰ আশে-পাশে শনিবাৰে সৰ্বনিম্ন তাপমাত্ৰা ১১.১ ডিগ্ৰী চেলছিয়াছলৈ নামিছিল। আলিপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে উত্তৰ-পশ্চিম শীত প্ৰবাহৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। দাৰ্জিলিঙৰ সৰ্বনিম্ন উষ্ণতা ৫ ডিগ্ৰীৰ তলত। অৱশ্যে ১০ জানুৱাৰী পৰ্যন্ত বৰফ পৰাৰ কোনো সম্ভাৱনা নাই বুলি খবৰ পোৱা গৈছে। দক্ষিণ বংগৰ পশ্চিম অংশৰ ওপৰেৰে প্ৰচণ্ড শীত প্ৰবাহৰ সতৰ্কবাণী দিয়া হৈছে। পুৰুলীয়া আৰু পশ্চিম মিদনিপুৰৰ কিছু অঞ্চল শীতল প্ৰবাহৰ ফলত ভীষণ ভাৱে ক্ষতিগ্ৰস্ত হ’ব, বুলি বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।.

ইফালে আজি ৮ জানুৱাৰীত বতৰৰ এক অনুমানো প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। সেই মৰ্মে:-

সৰ্বোচ্চ তাপমাত্ৰা : ১৫.৯ ডিগ্ৰী চেলছিয়াছ
নূন্যতম তাপমাত্ৰা : ০৯.৬° চেলছিয়াছ
আৰ্দ্ৰতা : ৪৩%
বতাহৰ গতি : ঘণ্টাত ১২ কিলোমিটাৰ
ডাৱৰীয়া আকাশ : ৫২%

অহা ২৪ ঘণ্টাৰ ভিতৰত কলকাতা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কুঁৱলী হ’ব যদিও আকাশ মোটামুটি পৰিষ্কাৰ হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ২৩ আৰু ১২ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। যিটো স্বাভাৱিকতকৈ ২ ডিগ্ৰী কম। শনিবাৰৰ তাপমাত্ৰা ১০.৯ ডিগ্ৰী চেলছিয়াছ। আজিৰ আপেক্ষিক আৰ্দ্ৰতা ৯১ শতাংশ পৰ্যন্ত হ’ব পাৰে।

উত্তৰ আৰু দক্ষিণ বংগৰ বতৰঃ উত্তৰ বংগৰ আটাইকেইখন জিলাতে বতৰ শুকান হৈ থাকিব বুলি উত্তৰ বংগৰ জিলাসমূহৰ বতৰৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। সেই হিচাপে কুঁৱলীৰ কোনো পূৰ্বাভাস নাই। যদিও হিমালয়ৰ গাতে লাগি থকা পশ্চিম বংগত আগন্তুক ৪৮ ঘণ্টাত নিশাৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহ’ব, তথাপিও আগন্তুক দুদিনত ২-৩ ডিগ্ৰী বৃদ্ধি পাব পাৰে। এই কথা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

ইফালে সোমবাৰৰ পুৱালৈকে দক্ষিণ বংগৰ আটাইকেইখন জিলাতে বতৰ শুকান হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। অহা ২৪ ঘন্টাত সকলো জিলাতে পাতলীয়াৰ পৰা মধ্যমীয়া কুঁৱলীৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে আগন্তুক ২৪ ঘন্টাত বিশেষ কুঁৱলী নাথাকিব। যদিও আগন্তুক দুদিনত দক্ষিণ বংগৰ জিলাকেইখনত নিশাৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহ’ব, তথাপিও অহা দুদিনত ২-৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাব পাৰে।

অহা ৪৮ ঘণ্টাত মালদাকে ধৰি উত্তৰ বংগৰ কেইবাখনো ঠাইত ঘন কুঁৱলীৰ সৃষ্টি হ’ব বুলি আলিপুৰৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। পাৰা স্তম্ভ হ্ৰাস পোৱাৰ এই ধাৰা অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে।

অহা কেইদিনমানৰ ভিতৰত কলকাতাকে ধৰি দক্ষিণ বংগৰ তাপমাত্ৰা ৪ৰ পৰা ৫ ডিগ্ৰী হ্ৰাস পাব পাৰে।