West Bengal government has banned the export of potatoes: শীঘ্ৰেই অসমত আলুৰ নাটনিৰ সম্ভাৱনা;পশ্চিমবংগৰ পৰা আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা
![](https://mynewsne.com/wp-content/uploads/2024/12/noname-28-750x430.jpg)
নিউজ ডেস্ক,২ডিচেম্বৰ : শীঘ্ৰেই অসমত আলুৰ নাটনিৰ সম্ভাৱনা।পশ্চিমবংগৰ পৰা আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই নিৰ্দেশ।
আলু অসমলৈ নিষেধাজ্ঞাৰ পিছত হঠাতে মূল্য বৃদ্ধি ঘটিছে আলুৰ।নিষেধাজ্ঞা বাতিল নহ’লে ৩ ডিচেম্বৰৰ পৰা ধৰ্ণাত বহাৰ হুংকাৰ আলু ব্যৱসায়ীৰ
এসপ্তাহ পূৰ্বে পুৰণি আলু খুচুৰা বজাৰত দাম আছিল ৩০ টকা, এতিয়া ৪০ টকা কেজি। নতুন আলুৰ দাম ৪০ টকাৰ ঠাইত বৰ্তমান ৬০ টকা কেজি। এসপ্তাহৰ ভিতৰত আলু ১৫ টকাৰ পৰা ২০ টকা অধিক দাম কিনি খাব লগা হৈছে সৰ্বসাধাৰণে(West Bengal government has banned the export of potatoes)।
মমতা চৰকাৰৰ আলু ৰপ্তানি নিষেধাজ্ঞাৰ পিছত অসম-বংগ সীমান্তৱৰ্তী পশ্চিম বংগৰ বাৰোবিশা আৰু পাকৰিগুৰীত অসমলৈ আহিব লগীয়া শ-শ আলু ভৰ্তি ট্ৰাক ৩ৰ পৰা ৫ দিন ধৰি থোৱা হৈছে। এতিয়াও পশ্চিম বংগৰ প্ৰশাসনে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আলুৰ ট্ৰাকসমূহ।
লগতে পঢ়ক :Shobhita Shivanna Death: :জনপ্ৰিয় অভিনেত্ৰী ৰহস্যজনক মৃত্যু;চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ