Went to the outside state for work:আজিও ঘূৰি নাহিল ধীৰু ডেকা
নিউজ ডেস্ক,৯ জুলাইঃ পুনৰ বহিঃৰাজ্যত যুৱকৰ নিৰুদ্দেশৰ ঘটনা । বহিঃৰাজ্যলৈ কৰ্মসূত্ৰে যোৱা যুৱকৰ সন্ধান বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে । (Why this work happens again and again with the youth of the state) বহিঃৰাজ্যলৈ কৰ্মসূত্ৰে গৈ সন্ধানহীন মৰিগাঁও জিলাৰ লাহৰিঘাট পলাশগুৰীৰ ধীৰু ডেকা নামৰ যুৱকজন । খবৰ অনুসৰি যোৱা ৩০ জুনত ৰহাৰ বগলিপাৰৰ পৰা ধীৰু ডেকাই সেই গাওঁৰে জোনমণি পাটৰ নামৰ যুৱকজনৰ সৈতে বেংগালুৰুলৈ বুলি কৰ্মসূত্ৰে ওলাই গৈছিল । কিন্তু বিশাখাপত্তনমৰ এটা ষ্টেচনত নামিছিল ধীৰু আৰু সেই ষ্টেচনৰ পৰাই নিৰুদ্দেশ হৈছিল ধীৰু । ষ্টেচনৰ পৰা নমাৰ পাছত শেষ ফোনটো মাকলৈ কৰিছিল ধীৰুৱে ।
মা চাকি এগছি জ্বলাই দিয়া মই আৰু নাবাচিম । কিন্তু আচৰিত কথাটো হৈছে যি জোনমণিৰ লগত ধীৰু ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল ঠিকেই । পুনৰ জোনমণি তিনিদিন পূৰ্বে ঘৰ পালেহি । কিন্তু ধীৰু আজিও অহা নাই । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আজি পৰ্যন্ত এবাৰো ধীৰুৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই জোনমণি পাটৰ নামৰ যুৱকজনে ।
ইতিমধ্যে ধীৰুৰ পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালবৰ্গৰ । এতিয়া ধীৰুৰ ঘৰত কেৱল চকুলো টুকিছে উপায়হীন পিতৃ মাতৃয়ে । সমগ্ৰ ঘটনা এতিয়া যেন ৰহস্যৰ মাজত ।
লগতে পঢ়কঃ Terrorist attack in Jammu’s Kathua: সেনাৰ বাহনক লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ