Local, Vocal, Global

Wedding Party Vehicle Meets With Accident : নিয়ন্ত্রণ হেৰুৱাই পথতে বাগৰি পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

নিউজ ডেস্ক,৪এপ্ৰিল : নিয়ন্ত্রণ হেৰুৱাই পথতে বাগৰি পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন।শিশু, মহিলাসহ আহত ২৫ জনতকৈ অধিক লোক(Wedding Party Vehicle Meets With Accident) ।

শোণিতপুৰৰ চাৰিদুৱাৰৰ শালবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।বৃহস্পতিবাৰে চাৰিদুৱাৰৰ চটাইৰ পৰা গাৰোগাৱলৈ AS 12CC 4274 নম্বৰৰ বৰযাত্ৰী কঢ়িওৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে । ফলত শিশু আৰু মহিলাসহ আহত হয় ২৫ জনতকৈ অধিক লোক। গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে(Wedding Party Vehicle Meets With Accident In Sonitpur, 25 Injured)।

জানিব পৰা মতে, শোণিতপুৰৰ বালিপাৰা তহচিলৰ অন্তৰ্গত চাৰিদুৱাৰ গাঁৱৰ সোতাইৰ পৰা গাৰোগাওঁ গাঁৱলৈ গৈ থকা অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়ক : Jonmani Rabha’s mother appears before judicial court in Kaliabor : CBIৰ বিষয়াৰ লগত কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ