Local, Vocal, Global

Monsoon affects tourism industry : প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ, নিহত ১৮৭ গৰাকী লোক

নেশ্যনেল ডেস্ক, ৩০জুলাই : এইবাৰ প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ। দেশৰ বিভিন্ন ৰাজ্যত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যবোৰত বিশেষকৈ ভূমিস্খলনে কালৰূপ ধাৰণ কৰিছে ।ধাৰাষাৰ বৰষুণৰ ফলত বিশেষকৈ ক্ষতিৰ সন্মুখীন হৈছে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আদি অন্যতম(Monsoon affects tourism industry) ।প্ৰতিকূল বতৰৰ বাবে এইবাৰ পৰ্যটন উদ্যোগত ব্যাপক প্ৰভাৱ পেলোৱা দেখা গৈছে ৰাজ্যখনত।কিয়নো এই সময়ছোৱাত হিমাচললৈ পৰ্যটকৰ যথেষ্ট আগমন হয়।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি, ৰাজ্যখনত এই বৰষুণ আৰু ভূমিস্খলনৰ ফলত ২৪ জুনৰ পৰা এতিয়ালৈকে ১৮৭ গৰাকী লোক নিহত হৈছে (Monsoon affects tourism industry in the hilly state 187 lives lost till now) ।

প্ৰাপ্ত তথ্য অনুসৰি, বাৰিষাৰ ফলত এতিয়ালৈকে ৰাজ্যখনত ৩৪ গৰাকী লোক সন্ধানহীন হোৱাৰ লগতে ২১৫ গৰাকী লোক আহত হৈছে ।এই ভয়ংকৰ ভূমিস্খলন আৰু বানৰ ফলত ৰাজ্যখনত ৭০২ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । লগতে আংশিকভাৱে হৈছে ৭১৬১ টাকৈ ঘৰ ।

ইফালে ২৪১ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিগ্ৰস্ত হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে ৰাজ্যখনত বানৰ বাবে ৫৬২০.২২ কোটি টকাৰ লোকচান হৈছে (Monsoon affects tourism industry) ।

উল্লেখ্য যে, ৰাজ্যখনত হোৱা ভূমিস্খলনৰ ফলত ৭২ টা ঘটনা পোহৰলৈ আহিছে । ৰাজ্যখনত বন্ধ হৈ আছে কেইবাটাও পথ ।জানিব পৰা মতে ৰাজ্যখনত ৩ টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৬৫০ৰো অধিক পথ বন্ধ হৈ আছে ।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৱে জনোৱা অনুসৰি, বিগত ৭৫ বছৰৰ ভিতৰত এইবাৰ ৰাজ্যখনত প্ৰকৃতিয়ে আটাইতকৈ ভয়ংকৰ ৰূপ লৈছে । ৰাজ্যখনৰ এনে ভয়ংকৰ ৰূপৰ বাবে ক্ষতিৰ সন্মুখীন হৈছে ৮,০০০ কোটি টকা ।

ইফালে ৰাজ্যখনত হৈ থকা ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত পৰ্যটন উদ্যোগ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে । ধৰ্মশালাৰ পৰা মেকল’ডগঞ্জলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা ঠাইত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ধৰ্মশালাত ৬ কোটিতকৈও অধিক লোকচানৰ সন্মুখীন হৈছে বৰষুণৰ ফলত ।

লগতে পঢ়ক : Arunachal Pradesh in Landslide : ভয়ংকৰ ভূমিস্খলন! পাহাৰৰ পৰা বাগৰি অহা ঢলে উটুৱাই নিলে এখন বাহন