G20 Summit: জি-২০ বাবে সাজু ৰাজধানী চহৰ দিল্লী, তাৰ মাজতে আহিছে আন এটা খবৰ
নেশ্যনেল ডেস্ক, ৭ছেপ্টেম্বৰ : জি-২০ বাবে সাজু ৰাজধানী চহৰ দিল্লী। ২০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আদৰিবলৈ সাজু ভাৰত ৷ আটক-ধুনীয়াকৈ সজাই তোলা হৈছে ৰাজধানী চহৰ দিল্লী । সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে ৰাজধানী চহৰ (G20 summit) ।
তাৰ মাজতে আহিছে আন এটা খবৰ । বতৰ বিজ্ঞান বিভাগৰ ভৱিষ্যতবাণী ।দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ মাজত দিল্লীত বৰষুণৰ সম্ভাৱনা । ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত সানমিহলি বতৰৰ সম্ভাৱনা কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে(Weather Office Predicts Very Light Rain In New Delhi On September 9 And 10) ।
জি-২০ সন্মিলনৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৯ আৰু ১০ ছেপ্টেম্বৰত অতি লঘু বৰষুণৰ সম্ভাৱনাৰ ভৱিষ্যতবাণী কৰিছে। বতৰ বিজ্ঞান বিভাগৰ মতে, জি-২০ বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰগতি ময়দান, আইজিআই বিমানবন্দৰ, নতুন দিল্লী ৰে’ল ষ্টেচন, লালকিল্লা, চান্দনী চককে ধৰি ৯ টা স্থানত বতৰৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰখা হৈছে ।
আই এম ডিৰ শেহতীয়া বিবৃতি অনুসৰি(As per the latest statement by IMD), ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বতৰৰ অৱস্থা ডাৱৰীয়া লগতে অহা ২-৩ দিনত তাপমাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। কাইলৈ অৰ্থাত শুকুৰবাৰৰ পৰা পাতল বৰষুণৰ ভৱিষ্যতবাণী কৰিছে বতৰ বিভাগে। লগতে জনোৱা অনুসৰি , ৮ ছেপ্টেম্বৰত বতাহৰ গতিবেগ ঘণ্টাত ৫ৰ পৰা ১০ কিলোমিটাৰত থাকিব, আনহাতে সৰ্বোচ্চ আৰ্দ্ৰতা ৮৫-৯৫ শতাংশ হ’ব।
শনিবাৰে যদি সামান্য বৰষুণ হয় তেন্তে দেওবাৰে তাপমাত্ৰা সূক্ষ্মভাৱে হ্ৰাস পাব। ৯ ছেপ্টেম্বৰৰ সৰ্বোচ্চ উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৭ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে ১০ ছেপ্টেম্বৰত সৰ্বাধিক তাপমাত্ৰা ৩৪ ৰ পৰা ৩৬ ডিগ্ৰী লৈ আৰু নিম্নতম তাপমাত্ৰা ২৪ ৰ পৰা ২৬ ডিগ্ৰী লৈ আৰু আৰ্দ্ৰতাৰ স্তৰ ৮৫ ৰ পৰা ৯৬ লৈ আৰু নিম্নতম ৫০ ৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে ।
আইএমডিৰ মতে, অহা ৩-৪ দিনৰ ভিতৰত দিল্লী-এনচিআৰত বতৰৰ পৰিস্থিতি সলনি হ’ব । দিল্লী-এনচিআৰৰ লোকসকলে অহা এসপ্তাহত গৰম আৰু আৰ্দ্ৰতাৰ পৰা কিছু সকাহ পাব বুলি আশা কৰা হৈছে ।