Local, Vocal, Global

WATCH | Weather News : হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ

নিউজ ডেস্ক,১৫জুন : হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে।

ৰাজ্যত প্ৰচণ্ড গতিত আহি আছে ধুমুহা-বৰষুণ,বজ্ৰপাত(Weather News)।

মুকালমুৱাৰ ভিন্ন প্ৰান্তত নিশা হোৱা মূষলধাৰ বৰষুণৰ মাজতে বজ্ৰপাতৰ ফলত এজন থিতাতে নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত ।

মুকালমুৱাৰ খালিহাপাৰা গাওঁত বজ্ৰ পৰি আনোৱাৰা খাতুন নামৰ মহিলাগৰাকী নিহত হয়। মহিলাগৰাকীৰ স্বামী চাহেদ আলী গুৰুতৰভাৱে আহত হয় ।

আনহাতে বৈঠাভাঙা গাঁৱৰ জাহানাৰা বেগম আৰু বৰলীয়াৰপাৰৰ আলেকজান বেগম নামৰ মহিলা দুগৰাকীও বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হয় ।
ৰাজ্যৰ ২৭খন জিলাত জাৰি হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৩ ঘণ্টাৰ ভিতৰত উজনিৰ পৰা নামনিলৈ বৰষুণৰ আগজাননী।

লগতে পঢ়ক : WATCH | Guwahati News : ড্ৰাগছক কেন্দ্ৰ কৰি মহানগৰীত নিশা উত্তপ্ত পৰিস্থিতি