বোকাজান খটখটীত যাত্ৰীবাহী নৈশ বাছত মাৰণাস্ত্ৰ উদ্ধাৰ

নিউজ ডেস্ক, ১৭ মাৰ্চ : বোকাজানৰ খটখটীত যাত্ৰীবাহী নৈশ বাছত উদ্ধাৰ মাৰণাস্ত্ৰ। বোকাজান আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ কৰা হৈছে এই মাৰনাস্ত্ৰ। নাগালেণ্ডৰ মন জিলা অভিমুখী নৈশবাছত উদ্ধাৰ হৈছে দুটাকৈ ফেক্টৰীত নিৰ্মিত পইন্ট 32 পিষ্টল, দুটা মেগজিন আৰু দুটা ৱাকি টকী।

উল্লেখ্য যে, NL07-B-0385 নম্বৰৰ বাছখনত এটা বেগৰ ভিতৰত আপেলৰ কাৰ্টুনত ভৰাই আনিছিল এই মাৰণাস্ত্ৰ সমূহ। আৰক্ষীৰ জালত পৰা বাছখনত নাছিল মাৰণাস্ত্ৰ কঢ়িওৱা ক’লা বেগটোৰ গৰাকী। বৰ্তমান আৰক্ষীয়ে গৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।