Local, Vocal, Global

Weapon Seized in Sivasagar : শিৱসাগৰত পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক

নিউজ ডেস্ক,৫আগষ্ট : শিৱসাগৰ জিলাৰ জয়সাগৰত অঘটন । দেওবাৰে নিশা আৰক্ষীয়ে এজন যুৱকৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে ৷

জানিব পৰা মতে, জি জি এচ চাৰিআলিৰ পৰা আৰক্ষীয়ে পংকজ দাস নামৰ ৩২ বছৰীয়া যুৱকজনৰ পৰা জব্দ কৰে .২২ পিষ্টল ৷ উদ্ধাৰ হোৱা পিষ্টলটো চাইনাত নিৰ্মিত বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ পৰা তিনিটা সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে(Weapon Seized in Sivasagar) ৷

এই যুৱকজন অঞ্চলটোৰ কংকন দাসৰ পুত্ৰ ৷ কিন্তু যুৱকজনে তিনিচুকীয়াত থাকে ৷

উল্লেখ্য যে, যোৱা কেইবাটাও দিন ধৰি যুৱকজনে পিষ্টলটো লৈ অঞ্চলটোত বিচৰণ কৰি থকাৰ তথ্য জয়সাগৰৰ আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱাই লাভ কৰিছিল । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিতে দেওবাৰে নিশা প্ৰায় ৯ বজাত অভিযান চলাই অস্ত্ৰধাৰী যুৱকজনক কৰায়ত্ব কৰে ৷

লগতে পঢ়ক : Meghalaya landslide : মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন