Local, Vocal, Global

weapon seized in manipur : হিংসা জৰ্জৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক,২মে’ : হিংসা জৰ্জৰ মণিপুৰত অবৈধ অব্যাহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। পুনৰ হিংসা জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান ।

অভিযানত বুধবাৰে কাছাৰ জিলা সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে। লগতে নিৰাপত্তা বাহিনীয়ে কেবাটাও বাংকাৰ ধ্বংস কৰে(weapon seized in manipur)।

মণিপুৰ আৰক্ষীৰ এক সূত্ৰই জানিব দিয়া মতে, জিৰিবাম জিলাৰ ছেইজাং গাঁৱত অভিযান চলাই ৬ টা ছিংগল বেৰেল গান, ১০৮ টা ১২ ব’ৰ কাৰ্টিজ, ১ টা ১২ ব’ৰৰ খালী কাৰ্টিজ, চাৰ্জাৰৰ সৈতে ৪ টা ৱাকি টকি ৰেডিঅ’ ছেট, ৭টা বুলেট প্ৰুফ জেকেট আৰু ২টা কাৰ্টিজ বেল্টসহ বহু সামগ্ৰী জব্দ কৰে। লগতে গাঁৱখনত নিৰ্মাণ কৰা ১২টা বাংকাৰো ধ্বংস কৰে নিৰাপত্তা বাহিনীয়ে।

লগতে পঢ়ক : Railway Police Seize Rs 50 Lakhs Worth of Burmese Areca Nuts at Lumding Junction : লামডিং ৰেলৱে জংচনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি