WB panchayat election violence : হিংসাত্মক পৰিস্থিতিৰ বাবে পশ্চিম বংগৰ প্ৰায় ১৫০ জন লোকে অসমত আশ্ৰয় লৈছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ১২ জুলাই : পশ্চিমবংগত অনুষ্ঠিত শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় (WB panchayat election violence)। এই নিৰ্বাচনী হিংসাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আহত হয় ।
অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বুধবাৰে কয় যে পঞ্চায়ত নির্বাচনৰ সন্দর্ভত ৰাজ্যখনত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পাছত পশ্চিম বংগৰ প্রায় ১৫০ জন লোকে অসমত আশ্রয় লৈ আছেহি ।
মুখ্যমন্ত্ৰীয়ে কয় যে “পশ্চিম বংগৰ পৰা প্ৰায় ১৫০ জন লোক অসমলৈ শৰণাৰ্থী হিচাপে আহিছে। পঞ্চায়ত নিৰ্বাচনত হিংসাত্মক পৰিস্থিতিৰ ভয়ত তেওঁলোক আহিছে । আমি তেওঁলোকক থকাৰ ব্যৱস্থা, খাদ্য আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰিছো। বৰ্তমান প্ৰায় ১৩৩ জন লোকে সাহায্য শিবিৰত বাস কৰি আছে ।
ইয়াৰ পূর্বে মঙলবাৰে মুখ্যমন্ত্রী শর্মাই জনোৱা মতে, প্রাণৰ ভয়ত ভুগি থকা ১৩৩জন ব্যক্তিয়ে অসমৰ ধুবুৰী জিলাত আশ্রয় লৈ আছে ৷
পশ্চিম বংগৰ ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ দিনটোত পশ্চিম বংগৰ কেইবাটাও স্থানত শনিবাৰে সংঘটিত হোৱা নিৰ্বাচন সম্পৰ্কীয় হিংসাত্মক ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত উল্লেখ কৰিছিল পশ্চিমবংগৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ হিংসাত্মক ঘটনাৰ কথা । তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল যে পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনকেন্দ্ৰিক হিংসাত নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি প্ৰায় ১৫০ জন লোকে অসমত আশ্ৰয় লৈছে । প্ৰাণৰ ভয়ত অসমত আশ্ৰয় লোৱা এই ব্যক্তিসকলৰ ভিতৰত ১৩৩ জন লোকক ধুবুৰীত আশ্ৰয় শিবিৰত অসম চৰকাৰে আশ্ৰয় প্ৰদান কৰাৰ কথাও উল্লেখ কৰে ।
লগতে তেওঁ কয় যে এই লোকসকলক খাদ্য-সামগ্ৰী যোগানকে ধৰি অত্যাৱশ্যকীয় সকলো সুবিধা প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । এক টুইটযোগেও মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে ।
উল্লেখ্য যে ৮ জুলাইত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । কিন্তু ভোটদানৰ দিনটোত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ লগতে বেলট কাগজ লুটপাত আৰু ৰিগিঙৰ সৃষ্টি হয়।
বেলট বাকচত অগ্নিসংযোগ কৰাৰ লগতে বিভিন্ন স্থানত ৰাজনৈতিক দলৰ মাজত সংঘৰ্ষৰ খবৰও পোহৰলৈ আহিছে।
ফলস্বৰূপে, ৰাজ্যিক নিৰ্বাচন আয়োগে ১০ জুলাইত পঞ্চায়ত নিৰ্বাচন পুনৰ ভোটগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । সেয়েহে, সোমবাৰে সমাপ্ত হৈছিল আৰু ১১ জুলাই মঙলবাৰে ভোটগণনা সম্পন্ন কৰা হৈছিল।
তৃণমূল কংগ্ৰেছে ২৮,৯৮৫ খন আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৭,৭৬৪ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এই পৰ্যন্ত ২০২২ খন আসন লাভ কৰিছে ।
মঙলবাৰে নিশা ১০.৩০ বজালৈকে ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি টিএমচিয়ে ১৫৪০খন পঞ্চায়ত আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে ৪১৭খন আসনত আগবাঢ়ি আছে।
পশ্চিম বংগত ৩,৩৪১ খন গাঁও পঞ্চায়ত আৰু গাঁও পঞ্চায়ত নিৰ্বাচনী কেন্দ্ৰৰ সংখ্যা ৫৮,৫৯৪ টা । গ্ৰাম পঞ্চায়ত পৰ্যায়ত ৬৩,২৩৯ খন, পঞ্চায়ত সমিতিৰ ৯৭৩০ খন আৰু জিলা পৰিষদ পৰ্যায়ত ৯২৮ খন আসন আছে।
২০১৮ চনত তৃণমূল কংগ্ৰেছে বিনা প্ৰতিদ্বন্দ্বিতাত, ৩৪ শতাংশ আসনত জয়লাভ কৰিছিল, য’ত পঞ্চায়ত নিৰ্বাচনতো বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
লগতে পঢ়ক : Opposition Unity Meeting : বেংগালুৰুত বিৰোধী ঐক্য বৈঠকত অংশগ্ৰহণ কৰিব ২৪ টা দলে, অংশগ্ৰহণ কৰিব ৮টা নতুন দল