Water supply pipe burst : পুনৰ ফুটিল পানীৰ পাইপ;এইবাৰ গণেশগুৰি-হেঙেৰাবাৰীত ফুটিল পানীৰ পাইপ
নিউজ ডেস্ক,৩০জুন : পুনৰ ফুটিল পানীৰ পাইপ । এইবাৰ গণেশগুৰি-হেঙেৰাবাৰীত ফুটিল পানীৰ পাইপ ।
মহানগৰবাসীৰ মাজত খোৱাপানীৰ বাবে হাহাকাৰ । কিন্তু অলাগতীয়াল পানীৰে ভৰি থাকে মহানগৰ । শেহতীয়াকৈ খাৰঘুলিত সংঘটিত হোৱা জাইকাৰৰ ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ গৈছিল খাৰঘুলিৰ এগৰাকী মহিলাৰ লগতে আহত হৈছিল ৩০ গৰাকীকৈ লোক । লগতে ক্ষয় ক্ষতি হৈছিল বহুটো(water pipe explosion) ।
তাৰ পাছতে মালিগাঁৱতো পানীৰ পাইপ ফাটি আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছিল । ইফালে গণেশগুৰিত জাইকাৰ পানীৰ বাবে খান্দি থোৱা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ ।
তাৰ পাছতে গুৱাহাটীৰ নূনমাটি অঞ্চলত পানীৰ পাইপলাইন বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হৈছিল (Water supply pipe burst)। গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই ঘটনা সংঘটিত হৈছিল । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছিল যাতায়ত ব্যৱস্থা (water pipeline burst in Guwahati)
পুনৰ গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ফুটিল জলব’ৰ্ডৰ পাইপ।
পানীৰ পাইপ ফুটি পথটোত জলমগ্ন হৈ পৰিছে গণেশগুৰি অঞ্চল। অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।
লগতে পঢ়ক : Smuggler arrested with Narcotics in Kampur : কামপুৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী