ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চলত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
ডিজিটেল ডেস্ক:-সোমবাৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ডিব্ৰুগড়ৰ কয়লাঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অংশ পৰিদৰ্শন কৰে । কিছুদিন পূৰ্বে অঞ্চলটোত প্ৰায় ২২০ মিটাৰ দৈৰ্ঘ্য অংশত খহনীয়াৰ সৃষ্টি কৰি নগৰখনলৈ ভাবুকি সৃষ্টি কৰিছিল ।

সেই সময়ত জলসম্পদ বিভাগে ক্ষীপ্ৰতাৰে জিও বেগ আৰু পাৰ্কুপাইনৰ ব্যৱহাৰেৰে এই খহনীয়া প্ৰতিৰোধ কৰিছিল । আজি মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়তো বিভাগীয়ভাৱে খহনীয়া ৰোধৰ কাম পূৰ্ণগতিত চলি আছে ।
আজি এই স্থানত বিধায়ক প্ৰশান্ত ফুকনক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষন কৰে । ডিব্ৰুগড় চহৰখনক যিকোনো উপায়েৰে ৰক্ষা কৰিবলৈ খহনীয়াত আক্ৰান্ত এই স্থানৰ লগতে প্ৰায় আধা কিলোমিটাৰ অংশত পাৰ্কুপাইন দি ভালকৈ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰী হাজৰীকাই নিৰ্দেশ দিয়ে ।

এই অংশত খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আৰু সুপৰিকল্পিত আঁচনিৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক আহ্বান জনায় ।