Local, Vocal, Global

Water pipe explosion : পুনৰ ফুটিল পানীৰ পাইপ

গুৱাহাটী, ২৩জুন : যমদূতৰ ৰূপত জাইকা । মহানগৰবাসীৰ মাজত খোৱাপানীৰ বাবে হাহাকাৰ । কিন্তু অলাগতীয়াল পানীৰে ভৰি থাকে মহানগৰ । শেহতীয়াকৈ খাৰঘুলিত সংঘটিত হোৱা জাইকাৰৰ ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ গৈছিল খাৰঘুলিৰ এগৰাকী মহিলাৰ লগতে আহত হৈছিল ৩০ গৰাকীকৈ লোক । লগতে ক্ষয় ক্ষতি হৈছিল বহুটো(water pipe explosion) ।

তাৰ পাছতে মালিগাঁৱতো পানীৰ পাইপ ফাটি আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছিল । ইফালে গণেশগুৰিত জাইকাৰ পানীৰ বাবে খান্দি থোৱা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ ।
তাৰ পাছতে গুৱাহাটীৰ নূনমাটি অঞ্চলত পানীৰ পাইপলাইন বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হৈছিল (Water supply pipe burst)। গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই ঘটনা সংঘটিত হৈছিল । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছিল যাতায়ত ব্যৱস্থা (water pipeline burst in Guwahati)

আজি পুনৰ গুৱাহাটী মহানগৰৰ হেঙেৰাবাৰীৰ বৰবাৰীত জাইকাৰ পাইপ ফুটাৰ ঘটনা।আভিজ্যাত্যৰ মহানগৰৰ এইয়াই প্ৰকৃত ছবি । মহানগৰৰ উন্নয়নৰ নামত বৃহৎ টকাৰ অপব্যয় কৰিছে চৰকাৰে । পানী যোগানৰ নামত সাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে জল ব’ৰ্ডে । খাৰঘুলিৰ জলবিস্ফোৰণৰ ঘটনাৰ চাঞ্চল্য বৰ্তমানো মাৰ যোৱা নাই । আজিও ভুক্তভোগীয়ে আপোনজনক হেৰুৱাই উচুপি আছে । কষ্টোপাৰ্জিত সম্পত্তি নষ্ট হোৱাৰ দুখত আজিও শোকবিহ্বল ভুক্তভোগী ।

পুনৰ মালিগাঁৱতো আতংক জলবিস্ফোৰণৰ । জাইকাই য’তে ত’তে খান্দিছে গাঁত । কোনো সুৰক্ষা ব্যৱস্থা নকৰাকৈ খন্দাৰ গাঁতৰ ফলত সৌ সিদিনা প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ । কিন্তু তাৰ পাছতো সলনি হোৱা নাই জাইকা । এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত ফুটিল পাইপ। বিগত ২৪ ঘন্টাৰ ভিতৰত এয়া দ্বিতীয়াটো পানীৰ পাইপ ফুটাৰ ঘটনা।এইবাৰ পাইপ ফুটিলে হেঙেৰাবাৰীৰ বৰবাৰীৰ নৱজ্যেতি ক্লাৱৰ সমীপত। পানীৰ পাইপ ফুটা অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

পৌৰনিগমে মহানগৰবাসীক প্ৰতিশ্ৰুতি দিছিল মহানগৰবাসীক পানীৰ অভাৱ হ’বলৈ নিদিয়ে বুলি । কিন্তু এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি কেতিয়াও ভবা নাছিল মহানগৰবাসীয়ে ।

লগতে পঢ়ক : Flood in Assam: ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ, ৫লাখ লোক ক্ষতিগ্ৰস্ত