Water pipe explosion in Guwahati : মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

গুৱাহাটী, ২৯জুলাই : পুনৰ ফুটিল পানীৰ পাইপ । হাহাকাৰ মহানগৰবাসীৰ। শনিবাৰে দিনৰ ভাগত জু-ৰোডত ফুটিল পানীৰ পাইপ। পানীৰ পাইপ ফুটি হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয়(Water pipe explosion in Guwahati again)। নিৰ্মীয়মাণ উৰণ সেঁতুৰ তলত সংঘটিত হৈছে এই ঘটনাৰ।পাইপ ফুটি অহৰহ ওলাইছে পানী ফলত সৃষ্টি হৈছে তীব্র যান-জঁটৰ। সমগ্ৰ অঞ্চলটি জলমগ্ন হৈ পৰিছে(Water pipe explosion in Guwahati)।
এই ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টা পাৰ হোৱাৰ পিছতো জলব’ৰ্ডৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ একাংশ লোকৰ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰীৰ কেইবা স্থানত ফুটিছিল পানীৰ পাইপ।মহানগৰবাসীৰ মাজত খোৱাপানীৰ বাবে হাহাকাৰ । কিন্তু অলাগতীয়াল পানীৰে ভৰি থাকে মহানগৰ । শেহতীয়াকৈ খাৰঘুলিত সংঘটিত হোৱা জাইকাৰৰ ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ গৈছিল খাৰঘুলিৰ এগৰাকী মহিলাৰ লগতে আহত হৈছিল ৩০ গৰাকীকৈ লোক । লগতে ক্ষয় ক্ষতি হৈছিল বহুটো (Water pipe explosion in Guwahati) ।
তাৰ পাছতে মালিগাঁৱতো পানীৰ পাইপ ফাটি আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছিল । ইফালে গণেশগুৰিত জাইকাৰ পানীৰ বাবে খান্দি থোৱা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ ।
তাৰ পাছতে গুৱাহাটীৰ নুনমাটি অঞ্চলত পানীৰ পাইপলাইন বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হৈছিল (Water supply pipe burst)। গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই ঘটনা সংঘটিত হৈছিল । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছিল যাতায়ত ব্যৱস্থা (Water pipeline burst in Guwahati)। আজি পুনৰ গুৱাহাটী মহানগৰত পাইপ ফুটাৰ ঘটনা। আভিজাত্য মহানগৰৰ এয়া প্ৰকৃত ছবি ।
মহানগৰৰ উন্নয়নৰ নামত বৃহৎ টকাৰ অপব্যয় কৰিছে চৰকাৰে । পানী যোগানৰ নামত সাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে জল ব’ৰ্ডে । খাৰঘুলিৰ জলবিস্ফোৰণৰ ঘটনাৰ চাঞ্চল্য বৰ্তমানো মাৰ যোৱা নাই । আজিও ভুক্তভোগীয়ে আপোনজনক হেৰুৱাই উচুপি আছে । কষ্টোপাৰ্জিত সম্পত্তি নষ্ট হোৱাৰ দুখত আজিও শোকবিহ্বল ভুক্তভোগী ।
জাইকাই য’তে ত’তে খান্দিছে গাঁত । কোনো সুৰক্ষা ব্যৱস্থা নকৰাকৈ খন্দাৰ গাঁতৰ ফলত প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ । কিন্তু তাৰ পাছতো সলনি হোৱা নাই জাইকা ।
এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত ফুটিল পাইপ। এইবাৰ পাইপ ফুটিলে জু-ৰ’ডত। জু ৰোডৰ নিৰ্মীয়মাণ উৰণ সেঁতুৰ তলত সংঘটিত হয় এই ঘটনা ।