Local, Vocal, Global

Water pipe explosion in Guwahati : মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

গুৱাহাটী, ৮ জুলাই : যমদূতৰ ৰূপত জাইকা । মহানগৰবাসীৰ মাজত খোৱাপানীৰ বাবে হাহাকাৰ । কিন্তু অলাগতীয়াল পানীৰে ভৰি থাকে মহানগৰ । শেহতীয়াকৈ খাৰঘুলিত সংঘটিত হোৱা জাইকাৰৰ ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ গৈছিল খাৰঘুলিৰ এগৰাকী মহিলাৰ লগতে আহত হৈছিল ৩০ গৰাকীকৈ লোক । লগতে ক্ষয় ক্ষতি হৈছিল বহুটো(Water pipe explosion in Guwahati) ।

তাৰ পাছতে মালিগাঁৱতো পানীৰ পাইপ ফাটি আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছিল । ইফালে গণেশগুৰিত জাইকাৰ পানীৰ বাবে খান্দি থোৱা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ ।

তাৰ পাছতে গুৱাহাটীৰ নুনমাটি অঞ্চলত পানীৰ পাইপলাইন বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হৈছিল (Water supply pipe burst)। গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই ঘটনা সংঘটিত হৈছিল । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছিল যাতায়ত ব্যৱস্থা (Water pipeline burst in Guwahati)। আজি পুনৰ গুৱাহাটী মহানগৰত পাইপ ফুটাৰ ঘটনা। আভিজ্যাত্যৰ মহানগৰৰ এইয়াই প্ৰকৃত ছবি ।

মহানগৰৰ উন্নয়নৰ নামত বৃহৎ টকাৰ অপব্যয় কৰিছে চৰকাৰে । পানী যোগানৰ নামত সাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে জল ব’ৰ্ডে । খাৰঘুলিৰ জলবিস্ফোৰণৰ ঘটনাৰ চাঞ্চল্য বৰ্তমানো মাৰ যোৱা নাই । আজিও ভুক্তভোগীয়ে আপোনজনক হেৰুৱাই উচুপি আছে । কষ্টোপাৰ্জিত সম্পত্তি নষ্ট হোৱাৰ দুখত আজিও শোকবিহ্বল ভুক্তভোগী ।

জাইকাই য’তে ত’তে খান্দিছে গাঁত । কোনো সুৰক্ষা ব্যৱস্থা নকৰাকৈ খন্দাৰ গাঁতৰ ফলত প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ । কিন্তু তাৰ পাছতো সলনি হোৱা নাই জাইকা ।

এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত ফুটিল পাইপ। এইবাৰ পাইপ ফুটিলে জু-ৰ’ডত। জুৰোডৰ অপূৰ্ব সিনহা পথত শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । ৩ জন শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হয় । এই ঘটনাৰ অৱশ্যে সেই স্থানত নাছিল কোনো কাৰিকৰী বিষয়া। সৌভাগ্যবশতঃ এই পানীৰ পাইপ ফুটাৰ ঘটনা পূৰ্বে দৰে খাৰঘূলি অথবা ৰাজগড়ৰ দৰে ভয়ংকৰ নহয়।

লগতে পঢ়ক : Amarnath Yatra 2023: বেয়া বতৰৰ বাবে একেৰাহে দ্বিতীয় দিনাও স্থগিত অমৰনাথ যাত্ৰা