Local, Vocal, Global

Water pipe explosion in Guwahati : মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

নিউজ ডেস্ক, ২৪অক্টোবৰ : পুনৰ ফুটিল পানীৰ পাইপ । এইবাৰ হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ ।

মহানগৰবাসীৰ মাজত খোৱাপানীৰ বাবে হাহাকাৰ । কিন্তু অলাগতীয়াল পানীৰে ভৰি থাকে মহানগৰ । শেহতীয়াকৈ খাৰঘুলিত সংঘটিত হোৱা জাইকাৰৰ ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ গৈছিল খাৰঘুলিৰ এগৰাকী মহিলাৰ লগতে আহত হৈছিল ৩০ গৰাকীকৈ লোক । লগতে ক্ষয় ক্ষতি হৈছিল বহুটো(water pipe explosion) ।

তাৰ পাছতে মালিগাঁৱতো পানীৰ পাইপ ফাটি আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছিল । ইফালে গণেশগুৰিত জাইকাৰ পানীৰ বাবে খান্দি থোৱা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ ।
তাৰ পাছতে গুৱাহাটীৰ নূনমাটি অঞ্চলত পানীৰ পাইপলাইন বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হৈছিল (Water supply pipe burst)। গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই ঘটনা সংঘটিত হৈছিল । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছিল যাতায়ত ব্যৱস্থা (water pipeline burst in Guwahati)

আজি পুনৰ হাতীগড় চাৰিআলিত পানীৰ পাইপ ফুটাৰ ঘটনা। আভিজ্যাত্যৰ মহানগৰৰ এইয়াই প্ৰকৃত ছবি । মহানগৰৰ উন্নয়নৰ নামত বৃহৎ টকাৰ অপব্যয় কৰিছে চৰকাৰে । পানী যোগানৰ নামত সাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে জল ব’ৰ্ডে । খাৰঘুলিৰ জলবিস্ফোৰণৰ ঘটনাৰ চাঞ্চল্য বৰ্তমানো মাৰ যোৱা নাই । আজিও ভুক্তভোগীয়ে আপোনজনক হেৰুৱাই উচুপি আছে । কষ্টোপাৰ্জিত সম্পত্তি নষ্ট হোৱাৰ দুখত আজিও শোকবিহ্বল ভুক্তভোগী ।

সৌভাগ্যবশতঃ এই পানীৰ পাইপ ফুটাৰ ঘটনা পূৰ্বে দৰে ভয়ংকৰ নহয়। এই ঘটনাৰ ফলত বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

লগতে পঢ়ক :