Water pipe explosion : মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি
গুৱাহাটী, ১২জুন : যমদূতৰ ৰূপত জাইকা । মহানগৰবাসীৰ মাজত খোৱাপানীৰ বাবে হাহাকাৰ । কিন্তু অলাগতীয়াল পানীৰে ভৰি থাকে মহানগৰ । শেহতীয়াকৈ খাৰঘুলিত সংঘটিত হোৱা জাইকাৰৰ ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ গৈছিল খাৰঘুলিৰ এগৰাকী মহিলাৰ লগতে আহত হৈছিল ৩০ গৰাকীকৈ লোক । লগতে বৃহৎ ক্ষয় ক্ষতি হৈছিল বহুটো(water pipe explosion) ।
পুনৰ মালিগাঁৱতো পানীৰ পাইপ ফাটি আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছিল । ইফালে গণেশগুৰিত জাইকাৰ পানীৰ বাবে খান্দি থোৱা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ ।
আজি পুনৰ মহানগৰৰ ৰাজগড় – কমাৰ্চ কলেজ সংযোগী লিংক ৰ’ডত জাইকাই সৃষ্টি কৰিছে সন্ত্ৰাস ।
আভিজ্যাত্যৰ মহানগৰৰ এইয়াই প্ৰকৃত ছবি । মহানগৰৰ উন্নয়নৰ নামত বৃহৎ টকাৰ অপব্যয় কৰিছে চৰকাৰে । পানী যোগানৰ নামত সাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে জল ব’ৰ্ডে । খাৰঘুলিৰ জলবিস্ফোৰণৰ ঘটনাৰ চাঞ্চল্য বৰ্তমানো মাৰ যোৱা নাই । আজিও ভুক্তভোগীয়ে আপোনজনক হেৰুৱাই উচুপি আছে । কষ্টোপাৰ্জিত সম্পত্তি নষ্ট হোৱাৰ দুখত আজিও শোকবিহ্বল ভুক্তভোগী ।
পুনৰ মালিগাঁৱতো আতংক জলবিস্ফোৰণৰ । জাইকাই য’তে ত’তে খান্দিছে গাঁত । কোনো সুৰক্ষা ব্যৱস্থা নকৰাকৈ খন্দাৰ গাঁতৰ ফলত সৌ সিদিনা প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ । কিন্তু তাৰ পাছতো সলনি হোৱা নাই জাইকা । এইবাৰ খাৰঘুলিৰ ঘটনাৰ দৰেই ঘটনা ঘটিল ৰাজগড় – কমাৰ্চ কলেজ সংযোগী লিংক ৰ’ডত । জাইকাৰ পাইপ ফাটি কেইবাটাও বাসগৃহত পানী সোমায় , ঘৰৰ সম্পত্তি নষ্ট হোৱাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানৰো ব্যাপক ক্ষতি কৰে ।
ৰাজগড় – কমাৰ্চ কলেজ সংযোগী লিংক ৰ’ডত একাঠু পৰ্যন্ত পানী । ঘটনাস্থলীত উপস্থিত মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ,কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুৰ্যোগ প্ৰশমণ বিভাগো উপস্থিত ঘটনাস্থলীত(water pipe explosion) ।
পৌৰনিগমে মহানগৰবাসীক প্ৰতিশ্ৰুতি দিছিল মহানগৰবাসীক পানীৰ অভাৱ হ’বলৈ নিদিয়ে বুলি । কিন্তু এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি কেতিয়াও ভবা নাছিল মহানগৰবাসীয়ে । সমগ্ৰ ঘটনাস্থলী উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে মন্ত্ৰী অশোক সিংঘালক দেখি ৰাইজ অধিক ক্ষোভিত হৈ পৰে । ক্ষুব্ধ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ ভয়ত মন্ত্ৰী অশোক সিংঘালে ঘটনাস্থলী এৰিবলৈ বাধ্য হয় ।
লগতে পঢ়ক : UP Cops dismissed : ৭ জন জোৱানে আৰক্ষীৰ পোছাকত লগালে দাগ