Water level of Brahmaputra above danger level in Jorhat : যোৰহাটৰ নিমাতীত অতি বিপজ্জনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

নিউজ ডেস্ক,২জুলাই : যোৰহাটৰ নিমাতীত অতি বিপজ্জনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাব পাৰে নিমাতীৰ মূল পথ। নিমাতীৰ কমলাবাৰী আৰু অফলামুখ ঘাট বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানীৰ তলত।
ইফালে যোৰহাটৰ বৃহৎ অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰিছে ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰই। নিমাতীত বিপদসীমাৰ প্ৰায় দুই মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। নিমাতীত ১ জুলাইত ৮৭.৪৭ মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ ঢল। পানী ক্ৰমান্বয়ে বাঢ়ি থাকিলে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যিকোনো সময়তে বুৰাই পেলাব পাৰে নিমাতীৰ মূল পথটো। ইতিমধ্যে কেইবাখনো জাহাজ আৰু ফেৰী বাঢ়নি পানীত ওপঙি আহি পথৰ কাষত অৱস্থান কৰিছে। সম্পূৰ্ণৰূপে ডুবি আছে কমলাবাৰী ঘাট আৰু অফলা ঘাট(Water level of Brahmaputra above danger level in Jorhat)।
সোমবাৰে বিয়লি পথটোৰ কিছু অংশৰে পানী বাগৰিবলৈ ধৰাত বিপজ্জনক হৈ পৰিছে। ইতিমধ্যে এই পথেৰে যান-বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কেইবাটাও শৈলস্পাৰ অতি বিপজ্জনক অৱস্থাত আছে। ডাইনী গাঁও অঞ্চলত দুই-তিনি ঠাইত মথাউৰিৰ তলেৰে পানী নিগৰি অহা দেখিবলৈ পোৱা গৈছে। অৱশ্যে জলসম্পদ বিভাগ তথা যোৰহাট জিলা প্ৰশাসনে অহৰ্নিশে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে জলসম্পদ বিভাগৰ বিষয়াই।
বৰষুণ অব্যাহত থাকিলে যিকোনো মুহূৰ্তত নিমাতীৰ মূল পথটো পানীত ডুব যোৱাৰ আশংকা আছে। আনহাতে জলস্তৰ হ্ৰাস নাপালেও বিপদৰ আশংকা আছে নিমাতী অঞ্চলত। যোৰহাটৰ পৰা মাজুলীলৈ নিৰ্মাণ কৰি থকা দলঙৰ খুটাসমূহৰ বাবে নিমাতীৰ দিশত ব্ৰহ্মপুত্ৰৰ ঢৌৰ হেঁচা পোনপটীয়াকৈ পৰিছে বুলি জনসাধাৰণৰ মাজত চৰ্চা চলিছে। ইয়াৰ প্ৰভাৱ ১ নং বুলহেড আৰু ডাইনী গাঁও অঞ্চলত দেখিবলৈ পোৱা গৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকসকলে। শীঘ্ৰে এইক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতিৰে সুৰক্ষামূলক আঁচনি ৰূপায়ণ কৰাতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
লগতে পঢ়ক : Tax Hike Protests In Kenya : কেনিয়াত কৰ বিৰোধী প্ৰতিবাদ;নিহত ৩৯গৰাকী,আহত ৩৬০ গৰাকী