Water Hyssop Benefits: ব্ৰাহ্মী শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?
আয়ুৰ্বেদত বিভিন্ন ধৰণৰ বনৌষধিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দুৰ কৰিবলৈ সহায় কৰে । এই বনৌষধিবোৰৰ ভিতৰত ব্ৰাহ্মী শাক অন্যতম(Water Hyssop Benefits) ।
শাকত ভিতৰত ব্ৰাহ্মী শাক এবিধ প্ৰসিদ্ধ শাক। যিকোনো ঠাইতে হ’ব পাৰে ব্ৰাহ্মী শাক। বনৌষধিবোৰৰ ভিতৰত ব্ৰাহ্মী শাক অন্যতম। প্ৰাচীন কালৰ পৰাই ঔষধ হিচাবে ব্ৰাহ্মী বনৌষধি ব্যৱহাৰ হৈ আহিছে। ব্ৰাহ্মী শাকৰ পাতবোৰ সৰু সৰু। ফুলবোৰ বগা আৰু ঈষৎ নীল বৰণীয়া। এইবিধ শাক তিতা। ব্ৰাহ্মী শাকৰ শিপা, পাত আদি সকলো অংশই দৰৱত লগোৱা হয়।
ব্ৰাহ্মী হৈছে এক ঔষধি উদ্ভিদ যাৰ পাত, ফুল, ফল, বীজ আৰু শিপা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক “brain booster” বুলিও কোৱা হয়।ব্ৰাহ্মী শাকৰ পাত সেৱন কৰি বহুটো সমস্য়া দূৰ কৰিব পাৰি।
আজি আমি ব্ৰাহ্মী শাকৰ উপকাৰিতাৰ বিষয়ে জানিম
ব্ৰাহ্মী শাকৰ গুণ অনেক। ব্ৰাহ্মী শাক স্নায়ৱিক উত্তেজক, প্ৰস্ৰাৱ কাৰক, মৃদু বিৰেচক আৰু বলকাৰক। ইয়াৰ কেঁহা, তিতা মিঠা ৰস অধিক পৰিমাণে থাকে। শীতল, লঘুকাৰক, মেধাবৰ্ধক, আয়ুৰ বৃদ্ধিকাৰক, ৰসায়ম, স্বৰ পৰিষ্কাৰক।ব্ৰাহ্মী শাক ভাজি খালে স্বৰভংগ ৰোগ আৰোগ্য হয়।
ব্ৰাহ্মী শাক সেৱন কৰিলে মগজুৰ উন্নতি হয়। যদি আপুনি এই পাতবোৰ দৈনিক সেৱন কৰে তেন্তে ইয়াৰ দ্বাৰা স্মৃতিশক্তি বৃদ্ধি হয়।
নিতৌ পুৱা খালী পেটত ব্ৰাহ্মী শাকৰ পাত চোবাই খালে মানসিক আৰু উদ্বেগজনিত সমস্য়া হ্ৰাস কৰাত সহায় কৰে।
নিয়মিত ব্ৰাহ্মী শাক খালে অনিদ্ৰা,ভাগৰ,স্নায়ুবিকতা ,মূৰৰ বিষ আৰু পেটৰ সমস্য়া হ্ৰাস হয়।হাঁপানী ৰোগৰ বাবে ব্ৰাহ্মী শাক অতি উপকাৰী বুলি গণ্য কৰা হয়।
ব্ৰাহ্মী শাকৰ পাতে মগজুৰ টনিক হিচাপে কাম কৰে। ব্ৰাহ্মী শাক খালে মগজুৱে সম্পুৰ্ণ পুষ্টি লাভ কৰে।
ব্ৰাহ্মী শাক শিশুক ভাজি খুৱালে স্মৃতিশক্তি বৃদ্ধি হয়।
ব্ৰাহ্মী শাক বসন্ত ৰোগত বৰ উপকাৰী।
মাতভঙা বা স্বৰভংগ ৰোগত ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে।
প্ৰস্ৰাৱ বন্ধ হ’লে ব্ৰাহ্মী শাকৰ ৰস খাই দিলে প্ৰস্ৰাৱ খোলোচা হয়।
ব্ৰাহ্মী শাকত ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক।
স্নায়ুৰ দুৰ্বলতা থকা লোকে ব্ৰাহ্মী শাক প্ৰত্যেকদিনাই গ্ৰহণ কৰিব লাগে।
ধাতু দুৰ্বল ৰোগত ব্ৰাহ্মী শাকৰ ৰস খাব লাগে।
সৰু ল’ৰা-ছোৱালীৰ কাঁহ হৈ বুকু বিষ হ’লে ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে।
উচ্চৰক্তচাপ থকা ৰোগীৰ বাবে ব্ৰাহ্মী শাক উপকাৰী।
ব্ৰাহ্মী শাক মৃৰ্গী ৰোগৰ বাবে অতিকৈ উপকাৰী।
ব্ৰাহ্মী শাকে কোষ্ঠ কাঠিন্য ৰোগ নিৰামণ হয়।