Local, Vocal, Global

WATCH| Soota news: টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰ সংঘৰ নাগশংকৰ আঞ্চলিকৰ চতিয়া থানাত এজাহাৰ

চতিয়া,১৯ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুট স্বৰূপ সংঘৰ সংবিধান খনক টাইপাৰ একাংশ সদস্যই দাহ কৰাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰব হৈ উঠিছে শ্ৰীমন্ত শংকৰ সংঘৰ নাগশংকৰ আঞ্চলিক শাখা(Soota news)।

সংঘৰ নাগশংকৰ আঞ্চলিকে আজি চতিয়া আৰক্ষী থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি যিসকল সদস্যই এই অপমানজনক কাৰ্য্যত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে উচিত তথা দৃষ্টান্তমুলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনায়। সংঘৰ সংবিধান দাহ কৰি অসমৰ লাখ লাখ সংঘৰ ভকতৰ বুকুত চুড়ান্ত আঘাত হনা বুলি উল্লেখ কৰি সংঘৰ নাগশংকৰ আঞ্চলিক শাখাই ভবিষ্যতে এইধৰণৰ কাৰ্য্যৰ পৰা আতৰি থাকিবলৈও সকিয়াই দিয়ে।

লগতে পঢ়ক :Ali Aye Ligang: আজি আলি আঃয়ে লৃগাং;মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং