Local, Vocal, Global

WATCH | Sonari News : অনাদৃত অৱহেলিত আহোমৰ স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাভেটি

সোণাৰি,১৯ফেব্ৰুৱাৰী : শিৱসাগৰৰ বকতাত চুহুংমুঙে (১৪৯৭–১৫৩৯) ১৬ শতিকাত প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ ৰাজধানী আছিল।

এই বকতা মৌজাৰ পাটসাঁকোৰ বগাবৰুৱা গাঁৱত স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজা ভেটি আজি অনাদৃত অৱহেলিত তথা পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে৷

হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে পাটসাঁকোৰ বগাবৰুৱা গাঁৱৰ এই স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজা ভেটি৷ আহোম ৰজাৰ দিনত গৃহ নিৰ্মাণৰ বাবে ব্যৱহৃত ইটা সমূহো পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এই স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজা ভেটিত(Sonari News)৷

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজা ভেটি সংৰক্ষণ,সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে বিধায়ক সুশান্ত বৰগোহাঁই আৰু মন্ত্ৰী যোগেন মহনক আবেদন দিছিল যদিও কোনোধৰণৰ সুফল পাবলৈ সক্ষম নহ’ল ৷

ইয়াৰ উপৰিও ৰাজ্যৰ বিয়াগোম প্ৰত্নতত্ত্ব,পুৰাতত্ত্ব বিভাগৰ চৰম অৱহেলা,সংৰক্ষণৰ বাবেই পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এইস্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজা ভেটি ৷

লগতে পঢ়ক:WATCH | Rain, storm wreak havoc in several parts of Assam:ৰাজ্যত বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বৰষুণ