WATCH | Partbatjhara News: পৰ্বতঝোৰাৰ মহামায়াত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মিছনৰ ব্লক পৰ্যায়ৰ সভা
পৰ্বতঝোৰা,২০ফেব্ৰুৱাৰী : পৰ্বতঝোৰাৰ মহামায়াত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মিছনৰ ব্লক পৰ্যায়ৰ সভা । ৰাজমণি CLFৰ নতুনকৈ কমিটি গঠন ।
বুধবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ মহামায়া উন্নয়ন খণ্ড কাৰ্য্যালয় বাকৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ ৰাজমণি CLF ৰ বছৰেকীয়া হিচাব নিকাচৰ এখন সভা অনুষ্ঠিত হয়।
উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ মহামায়া উন্নয়ণ খণ্ডৰ BPM মনিৰুজ্জ জামান সেখৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজমণি CLF ৰ বিগত তিনি বছৰৰ হিচাপ নিকাচ আৰু বছৰেকীয়া প্ৰতিবেদন দাখিল কৰে আৰু উক্ত সভাতেই পুৰণি কমিটি খন ভংগ কৰি নতুনকৈ লাকী ৰয়ক সভানেত্ৰী,আলেয়া খাতুনক উপ সভানেত্ৰী,হামিদা বেগমক সম্পাদিকা, মনছুৰা বেগমক যুটীয়া সম্পাদিকা আৰু নয়ন জ্যোতি বৰ্মনক বিত্তীয় সম্পাদিকা হিচাপে লৈ ৰাজমণি CLF খন পূণৰ নতুনকৈ গঠন কৰা হয়(Partbatjhara News)।
আজিৰ সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ ধুবুৰী জিলাৰ DPM আছিফ আহাম্মেদ, ব্লক সমন্বয়ক ভাস্কৰ বৰ্মনৰ লগতে ৰাজমণি CLFৰ ৪৩৩ গৰাকী আত্ম সহায়ক গোটৰ প্ৰতিনিধি সকলৰ লগতে ২৩ খন ভি’অৰ প্ৰায় সহস্ৰাধিক সদস্য আজিৰ সভাত উপস্থিত থাকে।
উল্লেখ্য যে ভি’অ” খনৰ মুঠ ৫০৩০ গৰাকী সদস্য সক্ৰিয় ভাবে গ্ৰাম্য জীৱিকা মিছনত কাম কৰি আছে বুলি বি,পি,এম গৰাকীয়ে আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়ে।
আজিৰ কাৰ্য্য সূচী সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে সেয়া আমি শুনাই ল’ব বিচাৰিছোঁ।
লগতে পঢ়ক :WATCH | Jamugurihat News: জামুগুৰিহাটত মহিলাৰ উৎকৃষ্ট নিদৰ্শন