Watch | Luit Pariya Bihu Hunchri’s team: অন্তিম অখৰাত ব্যস্ত লুইত পৰীয়া বিহু হুঁচৰিৰ দল
জামুগুৰিহাট: দুৱাৰদলিত বাপতিসাহোন ৰঙালী বিহু।ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেঁপা গুমগুমণি।পিছপৰি থকা নাই জামুগুৰিহাট৷ ৰঙালীক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত। জামুগুৰিহাটৰ লুইত পৰীয়া বিহু হুঁচৰি দলৰ নেতৃত্বত চলা বিহুৰ আন্তিম অখৰাত এইদৰে ব্যস্ত আছে আঞ্চলটোৰ প্ৰায় ২৫ গৰাকী চেমনীয়া যুৱকৰ লগতে যুৱতী।শৃংলাবদ্ধভাৱে চলি থকা এই বিহু হুঁচৰিৰ অখৰাৰ অন্তত দলটোৱে বিহুৰ বতৰত অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব বিহু হুঁচৰি। এই লুইত পৰীয়া বিহু দলটি নেতৃত্ব দিছে ৰং বসন্ত শ্ৰেষ্ঠ বিহুৱা চানু শইকীয়া, কন্ঠ শিল্পী তথা বিহুৱা ৰিতুস্মিন ভূঞা আৰু মৃদুল লহকৰে ।