WATCH : Jamugurihat News : ধনদাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল নিউজ পৰ্টেলৰ সাংবাদিক
জামুগুৰিহাট,১৭মাৰ্চ : নদুৱাৰৰ পাঁচমাইলত ধনদাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল নিউজ পৰ্টেলৰ সাংবাদিক৷
এটা নিউজ পৰ্টেলৰ সাংবাদিক মতিউৰ ৰহমানে দেওবাৰে বৰঘাট আৰক্ষী চকী এলেকাৰ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক বিশ হেজাৰ টকা দাবী কৰিছিল ৷
অভিযোগ অনুসৰি পূৰ্বতে কেইবা বাৰো ধন দাবী কৰি প্ৰায় দুই লক্ষাধিক টকা আদায় কৰি লৈছিল পাঁচমাইল অঞ্চলৰ উৰিয়ামগুৰি গাঁৱৰ এইজন নিউজ পৰ্টেলৰ সাংবাদিক মতিউৰ ৰহমানে ৷
যোৱা নিশাও পুনৰ দাবী কৰা ধন বিশ হেজাৰ টকা নিবলৈ আহোতে স্থানীয় ৰাইজে হাতে লোতে ধৰি বৰঘাট আৰক্ষীক গটাই দিয়ে ৷ ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে বৰঘাট আৰক্ষী চকীত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানৰ বিৰূদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যাপক জেৰা চলায়(Jamugurihat News)৷
অৱশেষত ধন দাবীৰ অভিযোগত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ফেচবুক লাইভযোগে ভাগিনসকলক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ