WATCH | Himanta Biswa Sarma : ৰাজ্যৰ কোচিং ইনষ্টিটউক লৈ আহি গ’ল নিৰ্দেশনা
নিউজ ডেস্ক,২২মাৰ্চ : ৰাজ্যৰ কোচিং ইনষ্টিটউক লৈ আহি গ’ল নিৰ্দেশনা ।
ৰাজ্যৰ ব্যক্তিগত ক’চিং চেন্টাৰৰ বাবে আহি গ’ল ডাঙৰ নিৰ্দেশনা(Himanta Biswa Sarma)
এতিয়াৰে পৰা মন গ’লেই খুলিব নোৱাৰিব কোচিং ইনষ্টিটউট।
জিলা আয়ুক্তৰ ওচৰত কৰিব লাগিব পঞ্জীয়ন।
অন্যথা খুলিব নোৱাৰিব কোচিং ইনষ্টিটিউট।
কি কি নিয়ম মানিব লাগিব ?
পাঠ্যক্রম নির্ধাৰণঃ শ্ৰেণীৰ সময়সূচী, শিক্ষাৰ্থীৰ সংখ্যা, বিৰতিৰ সময়, প্রতিষ্ঠানৰ তথ্য সম্বলিত হাতপুথি আদি ।
পাঠদানঃ প্রতিটো শ্ৰেণীৰ সময়, সাপ্তাহিক বন্ধ, সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ আদি ।
শিক্ষকৰ অৰ্হতাঃ নিম্নতম স্নাতক পৰ্যায়ৰ শিক্ষা থকা বেচৰকাৰী বা অৱসৰপ্ৰাপ্ত শিক্ষক ।
আন্তঃগাঁথনি
অন্যান্য সুবিধাঃ চিচি টিভি, খোৱাপানী, পর্যাপ্ত স্থান, প্রাথমিক চিকিৎসা ইত্যাদি ।
পঞ্জীয়ন ২ বছৰৰ বাবে হে বৈধ থাকিব।
প্রথমে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব।
পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিব লাগিব।
শ্ৰেণীৰ সময়সূচী, শিক্ষাৰ্থীৰ সংখ্যা, বিৰতিৰ সময় আদিৰ হাতপুথি লাগিব।
প্ৰতিটো শ্ৰেণীৰ সময় সাপ্তাহিক বন্ধ আদিৰ সূচী দাকিল কৰিব লাগিব।
ক’চিং চেন্টাৰৰ শিক্ষকৰ নিম্নতম অৰ্হতা স্নাতক পৰ্যায়ৰ হ’ব লাগিব।
ক’চিং চেন্টাৰত CCTV কেমেৰা, খোৱাপানী, পর্যাপ্ত স্থান আদি থাকিব লাগিব।
অসম প্রশিক্ষণ প্রতিষ্ঠান (নিয়ন্ত্রণ আৰু বিধি) বিধেয়ক, ২০২৫ শিক্ষাৰ্থীৰ কল্যাণমূলক এক নিয়ন্ত্রক ব্যৱস্থা ।
পঞ্জীয়ন (২ বছৰৰ বাবে বৈধ)
প্রশিক্ষণ প্রতিষ্ঠান খুলিবলৈ আগ্রহী যিকোনো ব্যক্তিয়ে প্রতিষ্ঠানটি স্থাপনৰ পৰিকল্পনা কৰা জিলাখনৰ জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব ।
সকলো বিদ্যমান প্রশিক্ষণ প্রতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত আইনখন গৃহীত হোৱাৰ ৩০ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব ।
পঞ্জীয়নৰ বাবে আবেদন কৰোঁতে প্রদান কৰিবলগা তথ্যসমূহ।
লগতে পঢ়ক : WATCH | Nagaon News : ডিমৰুগুৰি গাঁও পঞ্চায়ত কাৰ্য্যালয় প্ৰাংগনত প্ৰথম গাওঁসভাৰ আয়োজন